কৰিমগঞ্জ, 9 জুনঃকৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কাৰখানা পুতনি এলেকাত 7 বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল উপস্বাস্থ্য কেন্দ্ৰ ৷ অৱশেষত গৰু গোহালীলৈ পৰিণত হৈছে উক্ত উপস্বাস্থ্য কেন্দ্ৰটো ৷
কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কাৰখানা পুতনি এলেকাৰ এক বিপৰীত দৃশ্যই উদঙাইছে বিজেপি চৰকাৰ খনৰ উন্নয়ণৰ প্ৰকৃত ছবি ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰখানা পুতনি নামৰ বৃহত্তৰ এলেকা হৈছে এটা সীমান্তবৰ্তী অঞ্চল। এফালে বাংলাদেশ আৰু আনফালে আছে ত্ৰিপুৰা সীমান্ত । আৰু বৃহত্তৰ এই অঞ্চলৰ লোকসকলে আজিলৈকে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে । বিগত 7 বছৰ পূৰ্বে এখন উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল । কিন্তু দীৰ্ঘ দিনৰে পৰা কেৱল এখন পকী ঘৰ নিৰ্মাণ কৰি দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে। বৰ্তমানে উপস্বাস্থ্য কেন্দ্ৰটো জহি খহি যাবলৈ ধৰিছে । তাৰোপৰি উক্ত অঞ্চলটোত নাই কোনো ধৰণৰ উপযুক্ত চিকিৎসা ব্যৱস্থা ৷ ফলত স্থানীয় লোকসকলে ত্ৰিপুৰাত গৈ চিকিৎসা কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।