অসম

assam

সম্পূৰ্ণ যানজঁটমুক্ত আইজল চহৰ !

By

Published : Jan 22, 2020, 7:52 PM IST

Updated : Jan 23, 2020, 11:19 PM IST

সমগ্ৰ বিশ্বজুৰি যানজঁটৰ সমস্যাই জুৰুলা কৰা সময়ত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে মিজোৰামৰ ৰাজধানী আইজলে ৷ সম্পূৰ্ণ যানজঁটমুক্ত এই চহৰখন আদৰ্শ হৈ পৰিছে প্ৰতিবেশী ৰাজ্যসমূহৰ ৷

আইজল চহৰ
সম্পূৰ্ণ যানজঁটমুক্ত আইজল চহৰ!

কৰিমগঞ্জ, 22 জানুৱাৰীঃআধুনিক পৃথিৱীৰ যানজঁটৰ সমস্যাই জুৰুলা কৰিছে সমগ্ৰ বিশ্বক ৷ তীব্ৰ যান-জঁটৰ বাবেই সন্মু​খীন হ'বলগীয়া হয় বিভিন্ন সমস্যাৰ ৷ অসমৰ প্ৰতিখন চহৰতো প্ৰধান সমস্যা হিচাপে দেখা দিছে যান-জঁটে ৷ কিন্তু এক ব্যতিক্ৰম ৰূপত দেখা গৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামৰ ৰাজধানী আইজল চহৰ ৷ এই চহৰখনত নাই কোনো ধৰণৰ যান-জঁট ৷

সম্পূৰ্ণ যানজঁটমুক্ত আইজল চহৰ !

সম্পূৰ্ণ যানজঁটমুক্ত এই চহৰখনৰ ট্ৰেফিক ব্যবস্থায়ো দৃষ্টি আকৰ্ষণ কৰিছে দাঁতিকাষৰীয়া ৰাজ্যৰ বাসিন্দাসকলক ৷ কিয়নো এই চহৰত প্ৰতিগৰাকী চালকে যান-বাহনৰ নীতি মানি চলাচল কৰে ৷ কোনো এজন চালকে অ'ভাৰটেক নকৰে আন এখন বাহনক ৷ চহৰখনত চালকসলে হৰ্ণ বজাই নকৰে শব্দ প্ৰদূষণ ৷ দুচকীয়া বাহনৰ চালকেও হেলমেট পৰিধানকে ধৰি মানি চলে সকলো নীতি-নিয়ম ৷ যাৰ বাবে ওচৰ চুবুৰীয়াৰ ৰাজ্যসমূহৰ বাবে আইজল হৈ পৰিছে একপ্ৰকাৰ উদাহৰণস্বৰূপ ৷

আৰু পঢ়কঃ শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

Last Updated : Jan 23, 2020, 11:19 PM IST

ABOUT THE AUTHOR

...view details