অসম

assam

ETV Bharat / state

চিকিৎসা বিভাগ স্বৰূপ উদঙাইছে কৰিমগঞ্জৰ এখন চিকিৎসালয়ে - NO DOCTOR IN KARINGANJ'S DURLAVCHERRA MODEL HOSPITAL

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ে ৷ কেবল আন্তঃগাথঁনিৰ উন্নয়ণৰে স্বাস্থ্যখণ্ডলৈ ব্যাপক পৰিবৰ্তন অনা বুলি দাবী কৰা চৰকাৰখনৰ দিনতে চিকিৎসক অবিহনে চলিছে এইখন চিকিৎসালয় ৷

স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ে

By

Published : Nov 2, 2019, 8:57 PM IST

কৰিমগঞ্জ, 2 নবেম্বৰ: কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ত বৃহৎ অট্টালিকা সহ আন আন সকলো সা-সুবিধা থকা মডেল চিকিৎসালয় খনত এই পৰ্যন্ত নাই এজনো স্থায়ী চিকিৎসক । ফলত খালি হৈ আছে চিকিৎসালয়খনৰ দুটাকৈ কোৱাৰ্টাৰ । তিনি মাহ পূৰ্বলৈকে এগৰাকী মহিলা চিকিৎসক আছিল যদিও তেঁও ডেপুটেচনত অন্য ঠাইলৈ যাব লগা হয় ৷ তেতিয়াৰ পৰাই বৃহত্তৰ অঞ্চলৰটোৰ ৰাইজৰ চিকিৎসাৰ বাবে থকা একমাত্ৰ চিকিৎসালয়খন অচল হৈ পৰিছে ৷ ফলত অঞ্চলৰটোৰ ৰাইজে ভুগিবলগা হৈছে চৰম দূৰ্ভোগ । প্ৰতিদিনে এজন চিকিৎসক আহি দিনৰ ১ বজালৈকে ৰোগী চাই গুচি যায় । ইয়াৰ পাছত অঞ্চলৰটোৰ ৰাইজৰ বাবে নাথাকে চিকিৎসা সেৱা ।

স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ দূৰ্লভছড়া মডেল চিকিৎসালয়ে

বিশাল অট্টালিকাটোৰ বিভিন্ন বিভাগত সৰ্বত্ৰে বিৰাজ কৰিছে শূন্যতা । চিকিৎসকৰ বাহিৰেও 6 গৰাকী নাৰ্চ থকাৰ কথা জানিব পৰা গৈছে যদিও কৰ্তব্যত এগৰাকী নাৰ্চৰ বাহিৰে বেলেগ কাকো দেখা নগ'ল ৷ চিকিৎসালয়খনত থকা এগৰাকী নাৰ্চ আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মীয়ে ড্ৰেছিংৰ কাম কৰা পৰিলক্ষিত হয় । তেঁওলোকে জানিবলৈ দিয়ে যে, চিকিৎসালয়খনত নাই কোনো স্থায়ী চিকিৎসক, নাই ড্ৰেছাৰ ৷ এনেদৰেই নাৰ্চ আৰু চতুৰ্থ বৰ্গৰ কৰ্মীচাৰীগৰাকীয়ে মিলি কৰিব লগা হয় ড্ৰেছিং । ইপিনে দিনৰ 1 বজাৰ পিছত চিকিৎসালয়খনত কোনো চিকিৎসক নথকাৰ ফলত জৰুৰীকালীন পৰিস্থিতিত দূৰণিবটীয়া চিকিৎসালয়লৈ লৈ যাব লগা হয় ৰোগীক ৷

লগতে পঢ়ক: বটদ্ৰৱাত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details