বদৰপুৰ, 6 ছেপ্তেম্বৰঃ বদৰপুৰ চহৰৰ একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হৈছে বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ কিন্তু বিগত এক সপ্তাহ ধৰি এই স্বাস্থ্য কেন্দ্ৰটোত নাই এজনো চিকিৎসক । চিকিৎসক অবিহনে এতিয়া ৰোগীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতি ৷ এই সমস্যাৰ কথা কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক জনায় যদিও কোনো ফল নোপোৱাত অৱশেষত স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে প্ৰতিবাদত বহে বদৰপুৰ সচেতন যুৱ সমাজ । প্ৰতিবাদৰ পাচত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় স্বাস্থ্য মন্ত্ৰীলৈ ৷
বদৰপুৰ প্ৰাথমিক স্বাহ্য কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ - চিকিৎসকৰ অভাৱ
চিকিৎসকৰ অভাৱ ৷ ৰোগীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতি ৷ চিকিৎসক নিয়োগৰ দাবীত বদৰপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ ৷
বদৰপুৰ প্ৰাথমিক স্বাহ্য কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ
স্বাস্থ্য বিভাগ হায় হায়, স্বাস্থ্য মন্ত্ৰী হায় হায় ধ্বনি দিয়ে স্বাস্থ্য কেন্দ্ৰ চৌহদত। স্বাস্থ্য কেন্দ্ৰটোত নাই এজন চিকিৎসক, বহু দিন ধৰি ফাৰ্মাচিট এজনে চলাই আহিছে চিকিৎসালয়খন ৷ চিকিৎসালয়খনত মাজে মাজে অপিডি খোলা হয় যদিও চিকিৎসকৰ অভাৱত বহু দিনৰ পৰা বন্ধ হৈ পৰিছে ইণ্ডোৰ পৰিসেৱা ।