অসম

assam

By

Published : Aug 27, 2020, 1:57 PM IST

ETV Bharat / state

বৰাকত পুনৰ আৰম্ভ লক ডাউন

সম্প্ৰতি ৰাজ্যত 96,771 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে সুস্থ হৈ উঠিছে 76,962 গৰাকী লোক ৷ 274 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটি লৈছে ৷ সেয়ে বৃহস্পতিবাৰৰ পৰা বৰাকত পুনৰ আৰম্ভ হৈছে পূৰ্ণ পৰ্যায়ৰ লক ডাউন ৷

nine days lock down start in barak valley karimganj assam etv bharat news
লক ডাউন

কৰিমগঞ্জ,27 আগষ্ট:বৃহস্পতিবাৰৰ পৰা বৰাকত পুনৰ আৰম্ভ হৈছে লক ডাউন ৷ এই লক ডাউন প্ৰযোজ্য হ’ব বৰাক উপত্যকাৰ প্ৰতিখন জিলাত ৷ দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ’ণা আক্ৰান্তৰ সংখ্যাৰ বাবে এই লক ডাউন জাৰি কৰিছে প্ৰতিখন জিলা প্ৰশাসনে ৷ পৰৱৰ্তী 4 ছেপ্তেম্বৰলৈকে অব্যাহত থাকিবলগীয়া লক ডাউনৰ বাবে পুনৰবাৰ স্তব্ধ হৈ পৰিছে উপত্যকাটোৰ জন সাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ লক ডাউনৰ ফলত কৰিমগঞ্জৰ সকলো বজাৰ, দোকান-পোহাৰ, যান-বাহন আদিৰ চলাচল বন্ধ হৈ পৰাৰ বিপৰীতে ফাৰ্মাচী, গেলামাল আদিৰ দৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বিপণীসমূহ খোলা ৰখা হৈছে ৷

লক ডাউন আৰম্ভ

তদুপৰি সীমিত সংখ্যক উপস্থিতিৰে বেংক, চৰকাৰী কাৰ্যালয় আদিও খোলা ৰখা হৈছে ৷ যাৰ বাবে তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ৷ সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল বন্ধ থকাত কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহিবলৈ অসুবিধাৰ সন্মুখীন হৈছে ৷ পূৰ্বে জিলাখনত জাৰি কৰা লক ডাউন কঠোৰ নোহোৱাৰ বাবে কৰ’ণা আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে একাংশ চৰকাৰী কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে,সম্প্ৰতি ৰাজ্যত 96,771 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে সুস্থ হৈ উঠিছে 76,962 গৰাকী লোক ৷ 274 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটি লৈছে ৷

লগতে চাওকঃনলবাৰীত চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

ABOUT THE AUTHOR

...view details