অসম

assam

ETV Bharat / state

বৰাকত স্বাস্থ্য কৰ্মীৰ 24 ঘন্টীয়া কৰ্ম বিৰতি

কৰিমগঞ্জত ঠিকা ভিত্তিক স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদত ব্যাহত চিকিৎসা সেৱা ৷ চাকৰি নিয়মীয়া কৰণৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল ঠিকাভিত্তিক স্বাস্থ্য কৰ্মী সকলে ৷

NHM workers Protest Against Govt At Karimganj District
বৰাকত স্বাস্থ্য কৰ্মীৰ 24 ঘন্টীয়া কৰ্ম বিৰতি

By

Published : Aug 22, 2020, 4:19 PM IST

কৰিমগঞ্জ, 22 আগষ্টঃ বৰাকত NHM ৰ অধীনত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে 24 ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে । চাকৰি নিয়মীয়া কৰণৰ লগতে বিভিন্ন দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্বাস্থ্যকৰ্মী সকলে ৷

বৰাকত স্বাস্থ্য কৰ্মীৰ 24 ঘন্টীয়া কৰ্ম বিৰতি

কৰ'ণা মহামাৰীৰ বাবে চৰকাৰৰ প্ৰশাসনৰ লগতে স্বাস্থ্য কৰ্মী সকলে দিনে নিশাই ব্যস্ত হ'বলগীয়া হৈছে ৷ ঠিক একেদৰে বৰাক উপত্যকাতো স্বাস্থ্য কৰ্মী সকলে কৰ'ণা প্ৰতিৰোধৰ বাবে কৰ্তব্য পালন কৰিবলগা হৈছে ৷ ইফালে দীৰ্ঘ দিন ধৰি চৰকাৰে ঠিকা ভিত্তিক স্বাস্থ্য কৰ্মী সকলৰ চাকৰি নিয়মীয়াকৰ'ণ নকৰাকে আদি কৰি অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি গুৰুতৰ অভিযোগ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে স্বাস্থ্যকৰ্মী সকল ৷ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে বৰাক উপত্যকাৰ শিলচৰ আৰু পাথাৰকান্দি অসামৰিক চিকিৎসালয়ত NHM ৰ ঠিকা ভিত্তিক স্বাস্থ্য কৰ্মচাৰী সকলে বাৰ ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অতি শীঘ্ৰে সকলো ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ লগতে সকলো সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-কোকৰাঝাৰত গ্ৰেপ্তাৰ চৰকাৰী চিকিৎসক

ABOUT THE AUTHOR

...view details