অসম

assam

ETV Bharat / state

ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল - ডিমা হাচাও জিলাত প্ৰৱল বৃষ্টিপাত

বৰাকৰ সৈতে দহদিনলৈ বিচ্ছিন্ন থাকিব ৰেল যোগাযোগ(Rail service hit in Dima Hasao due to landslides) । হাফলং আৰু জাতিঙ্গাৰ মাজত ভূমিস্খলন হোৱাৰ বাবে ৰেল যোগাযোগ বন্ধ হোৱা বুলি জানিব পৰা হৈছে । যাৰবাবে ৰেল ষ্টেছনত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । উত্তৰ পূৱ ৰে’লৱেই ইতিমধ্যে কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেল সাময়িকভাৱে বাতিল কৰিছে(NF Railway Cancels Several Trains Due To Landslides)।

Rail service hit in Dima Hasao due to landslides
ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা

By

Published : May 15, 2022, 7:50 AM IST

Updated : May 15, 2022, 8:28 AM IST

কৰিমগঞ্জ/হোজাই, 15 মে’ :পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰৱল বৃষ্টিপাতৰ ফলত বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । জিলাখনত বহু পথ ইতিমধ্যে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিছে । স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । ইয়াৰ মাজতে উত্তৰ পূৱ ৰে’লৱেই কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেল সাময়িকভাৱে বাতিল কৰিছে(Train service cancelled in Dima Hasao due to landslides) ।

সামিয়কভাৱে বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে- ১৫৮৮৮ নম্বৰৰ গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, ১৫৮৮৭ নম্বৰৰ বদৰপুৰ-গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ, ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, ১৩১৭৩ শিয়ালদাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, ১২৫০৪ আগৰতলা-বেংগালুৰু হামচফৰ এক্সপ্ৰেছ, ০১৬৬৫ ৰাণী কমলাপতি-আগৰতলা স্পেচিয়েল, ১৪০৩৮ নতুন দিল্লী-শিলচৰ এক্সপ্ৰেছ, ০২৯৮৩ বেংগালুৰু-আগৰতলা স্পেচিয়েল আৰু ০২৯৮৪ আগৰতলা-বেংগালুৰু স্পেচিয়েল ৰে’ল ।

ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা

আনহাতে বাতিল কৰা হৈছে, ১৫৬৪১ নং শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, ১৫৬৪২ নিউ তিনিচুকীয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬২৬ আগৰতলা-দেউঘৰ এক্সপ্ৰেছ, ১৫৬২৫ দেউঘৰ-আগৰতলা এক্সপ্ৰেছ, ১৫৬১১ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ।

ভূমিস্খলনৰ ফলত ৰেলপথ বিচ্ছিন্ন হৈ পৰাত আগৰতলাৰ পৰা অহা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু হামছফৰ এক্সপ্ৰেছ বদৰপুৰৰ পৰা পুনৰ উভতাই পঠোৱা হৈছে । যাৰবাবে বদৰপুৰ ষ্টেচনত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । সূত্ৰমতে ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ আৰু গুৱাহাটীৰ মাজৰ ৰেলপথ দহদিনৰ বাবে বন্ধ থাকিব(Landslide disrupts train services in Dima Hasao) ৷

ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা

উল্লেখ্যে যে ডিমা হাচাও জিলাত প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত বান আৰু ভূমিস্খলন সৃষ্টি হৈছে । বহু ঠাইত পথ বানৰ ঢলে ভাঙি পেলোৱাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলন হৈ মানুহৰ ঘৰৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈছে ।

লগতে পঢ়ক :ডিমা হাছাওত মৃত্যুৰ কিৰিলি: ভূমিস্খলনৰ ফলত এটি শিশুৰসহ তিনি জনৰ মৃত্যু

Last Updated : May 15, 2022, 8:28 AM IST

ABOUT THE AUTHOR

...view details