অসম

assam

ETV Bharat / state

দ্বায়িত্বভাৰ গ্ৰহণৰ পাছতো কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিলে এজন অধ্যক্ষই - karimganj

বিগত 18 ডিচেম্বৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এক নিযুক্তি পত্ৰ প্ৰদানৰ জৰিয়তে এই দ্বায়িত্ব অৰ্পণ কৰিছিল মৌলানা এ এইচ মোহাম্মদ লুকমানক ৷ ইতিমধ্যে অধ্যক্ষগৰাকীয়ে 30 নৱেম্বৰতে পূৰ্বে কৰ্মৰত মৌলানা আবু মোহাম্মদ সুফিয়ান টাইটেল মাদ্রাছাৰ পৰা অব্যাহতি লয় ৷

new-principal-joining
দ্বায়িত্বভাৰ গ্ৰহণৰ পাছতো কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিলে এজন অধ্যক্ষই

By

Published : Dec 22, 2020, 10:47 PM IST

কৰিমগঞ্জ, 22 ডিচেম্বৰ: কৰিমগঞ্জৰ আছিমিয়া টাইটেল মাদ্ৰাছাৰ নৱ নিযুক্ত অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে মৌলানা এ এইচ মোহাম্মদ লুকমানে ৷ বিগত 18 ডিচেম্বৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এক নিযুক্তি পত্ৰ প্ৰদানৰ জৰিয়তে এই দ্বায়িত্ব অৰ্পণ কৰিছিল মৌলানা এ এইচ মোহাম্মদ লুকমানক ৷ ইতিমধ্যে অধ্যক্ষগৰাকীয়ে 30 নৱেম্বৰতে পূৰ্বে কৰ্মৰত মৌলানা আবু মোহাম্মদ সুফিয়ান টাইটেল মাদ্রাছাৰ পৰা অব্যাহতি লয় ৷

দ্বায়িত্বভাৰ গ্ৰহণৰ পাছতো কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিলে এজন অধ্যক্ষই

নতুনকৈ যোগদান কৰা মাদ্ৰাছাত তেও যোগদান কৰে যদিও আজিকোপতি তেখেতক আছিমিয়া টাইটেল মাদ্ৰাছাৰ অধ্যক্ষ কাৰ্যালয়ৰ চাবি প্ৰদান নকৰাৰ লগতে মাদ্ৰাছাখনৰ কোনো ধৰণৰ নথি-পত্ৰও চমজাই দিয়া হোৱা নাই ৷ অধ্যক্ষগৰাকীয়ে দৈনিক মাদ্ৰাছালৈ আহি শিক্ষাৰ্থীক পাঠদান কৰাই আহিছে যদিও তেখেত অধ্যক্ষ হোৱাৰ পাছতো অধ্যক্ষৰ কক্ষত প্ৰৱেশ কৰিব পৰা নাই ৷ দ্বায়িত্বভাৰ গ্ৰহণৰ পাছতো কিয় আজিকোপতি অধ্যক্ষৰ কোঠালিত প্ৰৱেশৰ অনুমতি দিয়া হোনা নাই তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷

লগতে পঢ়ক: গুৱাহাটীৰ কেইবাটাও স্থানক 'প্ৰটেকটেড এৰিয়া' ঘোষণা জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details