কৰিমগঞ্জ,16 ছেপ্তেম্বৰ: উল্লেখ্য যে, অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পুৰ্বতে জাৰি কৰা এক জাননী অনুসৰি চলিত মাহৰ শেষ ভাগৰ পৰা অফলাইন মাধ্যমেৰে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছিল অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষ৷ কিন্তু বিশ্বজুৰি কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে স্নাতক পৰ্যায়ৰ পৰীক্ষা সমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰিবলৈ কৰা দাবীৰে সোমবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ছাত্ৰ-ছাত্ৰী সকলে৷ অৱশেষত ছাত্ৰ সমাজৰ প্ৰতিবাদৰ পিছত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ ল অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । স্নাতক পর্যায়ৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বিশ্ববিদ্যালয় কতৃপক্ষই ।
স্নাতক পর্যায়ৰ পৰীক্ষাক লৈ অসম বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত সলনি - online and offline examination
ছাত্ৰ সমাজৰ আন্দোলনৰ পিছত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ ল অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । স্নাতক পর্যায়ৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বিশ্ববিদ্যালয় কতৃপক্ষই ।
![স্নাতক পর্যায়ৰ পৰীক্ষাক লৈ অসম বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত সলনি NEW NOTIFICATION BY ASSAM UNIVERSITY REGARDING GRADUATE LEVEL EXAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8817303-857-8817303-1600226561297.jpg)
স্নাতক পর্যায়ৰ পৰীক্ষাক লৈ অসম বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত সলনি