কৰিমগঞ্জ, 23 জানুৱাৰীঃঅসমৰ নগৰপালিকা তালিকাত সংযোজিত হল আন এখন নাম ৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ দিনা ৰাইজৰ বহু অনাকাংখিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ শুভাৰম্ভ হ'ল ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ ৰামকৃষ্ণনগৰক চহৰৰ মৰ্যদা দিয়াৰ দাবী বহু পুৰণি ৷ বিগত ২০১৭ চনত ৰামকৃষ্ণনগ চহৰে মৰ্যাদা লাভ কৰিলেও পৌৰসভা মৰ্যদা লাভ কৰা নাছিল ৷ গাঁও পঞ্চায়ত বন্ধ হৈ পৌৰসভা গঠন নহোৱাৰ বাৱে স্থানীয় ৰাইজ বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ৷ অৱশেষত বৃহস্পতিবাৰে দিনত স্থাপিত হ'ল চাৰিখন ৱাৰ্ড বিশিষ্ঠ ৰামকৃষ্ণনগৰ পৌৰসভা ৷ পৌৰসভা খন উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাকে ধৰি জিলা উপায়ুক্ত সহ আন আন চৰকাৰী বিষয়ববীয়া ৷
নগৰপালিকা তালিকাত সংযোজিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ
বৃহস্পতিবাৰে অসমৰ নগৰপালিকা তালিকাত সংযোজিত হল আন এখন নাম ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ ৰামকৃষ্ণনগৰ চহৰে লাভ কৰিলে পৌৰসভা মৰ্যাদা ৷
নগৰপালিকা তালিকাত সংযোজিত ৰামকৃষ্ণনগৰ পৌৰসভাৰ
TAGGED:
অসমৰ নগৰপালিকা তালিকা