কৰিমগঞ্জ, 23 জুলাই : কৰিমগঞ্জৰ নিলামবজাৰত চাঞ্চল্যকৰ ঘটনা । ভতিজাকে দাৰে ঘপিয়াই ডিঙি কাটিলে খুড়ীয়েকৰ । অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবে ভতিজাকে খুড়ীয়েকৰ ওপৰত এইদৰে প্ৰাণঘাটি আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে । সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজ দিছে পয়ত্ৰিশ বছৰীয়া মহিলাগৰাকীয়ে । ইপিনে ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰিছে ঘাতকৰূপী ভতিজা চাজু আহমেদে ।
উল্লেখ্য যে, কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাত পূৰ্বতেও এজন লোকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈ আছে চাজু আহমেদৰ বিৰুদ্ধে ৷ সেই গোচৰ সংক্ৰান্তত পলাতক হৈ খুড়াক ছাইফুদ্দিনৰ ঘৰত আশ্ৰয় লৈ আছিল অভিযুক্ত গৰাকীয়ে ৷ কিন্তু খুড়াকৰ অনুপস্থিতিত খুড়ীয়েকৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা চলাইছিল ৷ কিন্তু খুড়ীয়েকে চাজু আহমেদক বাধা দিয়াৰ লগতে বিষয়টো নিজৰ স্বামীক অবগত কৰে ৷