কৰিমগঞ্জ , 17 এপ্ৰিল : জনজাতীয় লোকে প্ৰত্যাখ্যান কৰিলে এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক ৷ কৰিমগঞ্জৰ কালিগঞ্জত এক প্ৰতিবাদী সভাৰ জৰিয়তে নমশুদ্ৰ সুশীলা সমাজৰ নেতৃবৃন্দ সকলে ৰাধেশ্যাম বিশ্বাস'ক ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
1 লাখ 76 হেজাৰ ভোটাৰে প্ৰত্যাখান কৰিলে ৰাধেশ্যাম বিশ্বাসক! - এআইইউডিএফ
এআইইউডিএফ'ৰ প্ৰাৰ্থী গৰাকীৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে নমশুদ্ৰ সুশীল সমাজৰ লোক সকলৰ ৰাধেশ্যাম বিশ্বাস'ক ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ ৷
এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস নমশুদ্ৰ সম্প্ৰদায়ৰ লোক ৷ এআইইউডিএফ'ৰ প্ৰাৰ্থী গৰাকীৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে ক্ষোভিত হৈ পৰে নমশুদ্ৰ সুশীলা সমাজৰ লোক লকল ৷ ৰাধেশ্যাম বিশ্বাসৰ এনে মন্তব্যৰ বাবে ক্ষোভিত লোক সকলে এইবেলি তেখেতক ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে নমশুদ্ৰ সুশীল সমাজৰ লোক সকলে প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস মন্দিৰক লৈ ৰাজনীতি নকৰাৰ আহ্বান জনায় ৷ উল্লেখ্য যে কৰিমগঞ্জ লোকসভা সমষ্টিত নমশুদ্ৰ সম্প্ৰদায়ৰ লোকৰ প্ৰায় 1 লাখ 76 হেজাৰ ভোটাৰ আছে ৷