কৰিমগঞ্জ, 18 মাৰ্চঃ কৰ’ণা ভাইৰাছ সংক্ৰমণৰ আতংকত ভুগিছে সমগ্ৰ বিশ্ব । কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন জনে বিভিন্ন পন্থা হাতত লৈছে ৷ কৰিমগঞ্জতো একাংশ লোকে ৰাজপথত নাম-কীৰ্ত্তন গাই কৰ’ণা ভাইৰাছ ৰোধ কৰিবলৈ চেষ্টা চলাইছে ৷ তিনিদিন ধৰি আয়োজন কৰা নাম-কীৰ্ত্তনত পুৰুষ-মহিলাকে ধৰি কম বয়সীয়া ল’ৰা-ছোৱালীসকলেও ভাগ লয় ৷ এনে কৰিলে মহামাৰী কৰ’ণা ভাইৰাছে কৰিমগঞ্জত আতংকৰ সৃষ্টি কৰিব নোৱাৰিব বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস ৷ উল্লেখ্য যে,বহুবছৰ পূৰ্বে কৰিমগঞ্জত কলেৰা ৰোগে মহামাৰী ৰূপ ধাৰণ কৰোতে নাম-কীৰ্ত্তনৰ দ্বাৰা কৰিমগঞ্জত কলেৰা ৰোগৰ নাশ কৰিছিল বুলি এগৰাকী ধৰ্মবিশ্বাসী বয়জ্যেষ্ঠ লোকে জানিবলৈ দিয়ে ৷
কৰ’ণা ভাইৰাছ নাশ কৰিবলৈ কৰিমগঞ্জত নাম-কীৰ্ত্তন - কৰিমগঞ্জত তিনিদিন ধৰি আয়োজন নাম-কীৰ্ত্তন
সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ কৰিমগঞ্জৰ গাছ কালীবাড়ি ৰোডৰ বাসিন্দাসকলৰ নাম-কীৰ্ত্তনৰ আয়োজন ৷ কৰ’ণা ভাইৰাছে যাতে কৰিমগঞ্জত ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে শঙ্খ বজাই, ধূপদানী লৈ ৰাজপথত নাম-প্ৰসংগ কৰিছে ৰাইজে ৷
কৰ’ণা ভাইৰাছ নাশ কৰিবলৈ কৰিমগঞ্জত নাম-কীৰ্ত্তন
TAGGED:
KARIMGANJ CORONA PRAY