অসম

assam

ETV Bharat / state

কৰিমগঞ্জত মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক - কৰ'ণাত আক্ৰান্ত

কৰিমগঞ্জত একাংশ যুৱকে দেখুৱাইছে সম্প্ৰতিৰ এক নিদৰ্শন ৷ কৰিমগঞ্জত এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোক কৰ'ণাত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱতি লোৱাত মৃতদেহটো শ্মশানত সৎকাৰ কৰিবলৈ স্থানীয় লোকে বাধা প্ৰদান কৰাত অঞ্চলটোৰ একাংশ মুছলমান যুৱক আগবাঢ়ি আহিল অন্তিম সৎকাৰৰ বাবে ৷

কৰিমগঞ্জত মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক
কৰিমগঞ্জত মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক

By

Published : May 5, 2021, 10:07 AM IST

কৰিমগঞ্জ, 5 মে': যি সময়ত ধৰ্মৰ বিভাজনেৰে একাংশ লোকে সমাজত এক অশান্ত পৰিৱেশৰ সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছে তেনে সময়তে কৰিমগঞ্জত একাংশ যুৱকে দেখুৱাইছে সম্প্ৰতিৰ এক নিদৰ্শন ৷ কৰিমগঞ্জত এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোক কৰ'ণাত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱতি লোৱাত শ্মশানত মৃতদেহ সৎকাৰ কৰিব দিয়া নাছিল স্থানীয় লোকে ৷ কৰ'ণাৰ বীজানু বিয়পোৱাৰ দোহাই দি অন্তিম সৎকাৰৰ বাবে স্থানীয় লোকে বাধা প্ৰদান কৰাত অঞ্চলটোৰ একাংশ মুছলমান যুৱক আগবাঢ়ি আহিল অন্তিম সৎকাৰৰ বাবে ৷

কৰিমগঞ্জত মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক

উল্লেখ্য যে, মৃতদেহটো সৎকাৰ কৰিবলৈ স্থানীয় প্ৰশাসনৰ লোক আহিছিল যদিও স্থানীয় লোকে কোনো কাৰণতে সৎকাৰ কৰিব নিদিলে ৷ অৱশেষত মঙলবাৰে নিশা তিনি বজাত কৰিমগঞ্জ আৰক্ষীৰ ৰিজাৰ্ভৰ কাষতে মুছলমান সম্প্ৰদায়ৰ যুৱক কেইজনে ৰবিনহুড আৰ্মী নামৰ সামাজিক সংগঠনটোৰ সহায়ত আৰক্ষী আৰু চক্ৰবিষয়াৰ উপস্থিতিত মৃতদেহটো সৎকাৰ কৰে ৷

লগতে পঢ়ক:নিৰ্বাচনী হিংসা: অসমত আশ্ৰয় ল’লে পশ্চিমবংগৰ নাগৰিকে

ABOUT THE AUTHOR

...view details