কৰিমগঞ্জ,26 এপ্ৰিল:আৰক্ষীৰ জালত পৰিল পিতৃ হত্যাকাৰী এগৰাকী ব্যক্তি ৷ পিতৃক দাৰে ঘপিয়াই কিছুদিন পূৰ্বে হত্যা কৰি পলিথিনৰ বেগত ভৰাই হাবিৰ মাজলৈ দলিয়াই দিছিল পুত্ৰই ৷
প্ৰাপ্ত তথ্য অনুসৰি, বিগত 16 এপ্ৰিলত পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ডেফলালা গাঁৱৰ এখন হাবিৰ মাজত একাংশ স্থানীয় লোকে পলিথিনৰ পেকেটত মেৰিয়াই থোৱা অৱস্থাত পচি যোৱা এটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷ লগে লগে পাথাৰকান্দি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ স্থানীয় লোকে মৃতদেহটো ফাৰুক হুছেইন নামৰ এগৰাকী পঞ্চাশ বছৰীয়া ব্যক্তিৰ বুলি চিনাক্ত কৰে ৷ আৰক্ষীৰ তদন্তত মৃতদেহটো চাৰি-পাঁচদিন পূৰ্বে এই স্থানত পেলাই দিয়া হৈছিল বুলি জানিব পৰা হৈছে ।