অসম

assam

ETV Bharat / state

যৌতুকজনিত কাৰণত বোৱাৰী হত্যা - ঘোঘৰাকোনা গাঁও

কৰিমগঞ্জত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যা ৷ স্বামী পৰিয়ালৰ দাবী অনুসৰি যৌতুক দিব নোৱাৰাৰ বাবে স্বামী, শাহু-শহুৰ মিলি হত্যা কৰে ছুফিয়া বেগম নামৰ এগৰাকী মহিলাক ৷ কৰিমগঞ্জ থানাৰ অধীনৰ ঘোঘৰাকোনা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷

Murder of a lady due to dowry in karimganj assam etv bharat news
যৌতুকজনিত কাৰণত বোৱাৰী হত্যা

By

Published : Oct 18, 2020, 8:02 PM IST

কৰিমগঞ্জ, 18 অক্টোবৰ :কৰিমগঞ্জত এটাৰ পিছত এটাকৈ সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা ৷ বিগত কিছুদিনপূৰ্বে জিলাখনত এগৰাকী বোৱাৰী হত্যাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ পোহৰলৈ আহিছে এগৰাকী বোৱাৰী হত্যাৰ ঘটনা ৷ কৰিমগঞ্জ আৰক্ষী থানাৰ অধীনষ্ঠ ঘোঘৰাকোনা গাঁৱত সংঘটিত হৈছে এই বোৱাৰী হত্যাৰ ঘটনা ৷ উত্থাপিত অভিযোগ অনুসৰি বোৱাৰীগৰাকীৰ স্বামী পৰিয়ালে দাবী কৰা অনুসৰি যৌতুক দিবলৈ নোৱাৰাৰ বাবে সংঘটিত হয় এই হত্যাকাণ্ড ৷ বিগত প্ৰায় 15 মাহ পূৰ্বে ঘোঘৰাকোনাৰ মুচ্ছবিৰ আলীৰ পুত্ৰ কুতুবউদ্দিনৰ সৈতে বিবাহত আৱদ্ধ হৈছিল ছুফিয়া বেগম নামৰ মহিলাগৰাকী ৷ বিবাহৰ পিছৰে পৰা যৌতুক বিচাৰি স্বামী পৰিয়ালে আতিশয্য চলাইছিল ছুফিয়াৰ ওপৰত ৷ দাবী অনুসৰি যৌতুক দিব নোৱাৰাৰ বাবে শাৰিৰীক আৰু মানসিক আতিশয্যৰ বলি হৈছিল ছুফিয়া ৷

অৱশেষত এই অত্যাচাৰে চূড়ান্ত পৰ্যায়ত উপস্থিত হয় আৰু বিগত শনিবাৰে নিশা স্বামী আৰু পৰিয়ালৰ অন্যান্য লোকে মিলি ছুফিয়াৰ শৰীৰত কেৰোচিন ঢালি জ্বলাই দিয়ে ৷ পৰৱৰ্তী সময়ত কুতুবউদ্দিনৰ পৰিয়ালে এই সমগ্ৰ কাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ ব্যৰ্থ চেষ্টা চলায় ৷ কিন্তু শৰীৰৰ প্ৰায় 90 শতাংশ জ্বলি যোৱা ছুফিয়াই মৃত্যুৰ পূৰ্বে সমস্ত ঘটনা বিৱৰি কয় ৷ বোৱাৰীগৰাকীৰ মৃত্যুৰ পিছত ঘটনাস্থলীত কৰিমগঞ্জ আৰক্ষী উপস্থিত হৈ ছুফিয়াৰ স্বামীৰ লগতে শহুৰ-শাহুক গ্ৰেপ্তাৰ কৰে ৷

যৌতুকজনিত কাৰণত বোৱাৰী হত্যা

লগতে চাওকঃমুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !

ABOUT THE AUTHOR

...view details