অসম

assam

ETV Bharat / state

পাথাৰকান্দিত খুড়াকৰ হাতত প্ৰাণ গ'ল ভতিজাকৰ - কৰিমগঞ্জ

শনিবাৰে নিশা আব্দুল সত্তাৰ নামৰ লোকজনক তেওঁৰে চাৰি ভতিজাকে মিলি দাৰে ঘপিয়াই হত্যা কৰে কৰিমগঞ্জৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত পূৰ্বগোল দোহালিয়া অঞ্চলত ৷

পাথাৰকান্দিত খুড়াৰ হাতত প্ৰাণ গ'ল ভতিজাৰ

By

Published : May 13, 2019, 8:30 PM IST

কৰিমগঞ্জ, 13 মে': খুড়াৰ হাতত প্ৰাণ গ'ল ভতিজাৰ ৷ কৰিমগঞ্জত ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই সংঘটিত হয় নৃশংস হত্যা কাণ্ড ৷ শনিবাৰে নিশা আব্দুল সত্তাৰ নামৰ লোকজনক তেওঁৰে চাৰি ভতিজাকে মিলি দাৰে ঘপিয়াই হত্যা কৰে কৰিমগঞ্জৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত পূৰ্বগোল দোহালিয়া অঞ্চলত ৷ স্থানীয় কোনো লোকে ঘন জংঘলত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে পাথাৰকান্দি আৰক্ষীয়ে ৷ সোমবাৰে পুৱা চাৰিজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি সোধ-পোচ অব্যাহত ৰাখিছে পাথাৰকান্দি আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা হত্যাকাৰী কেইটা ক্ৰমে আব্দুল বাৰী, চুফীয়ান আহমদ, ইকবাল হুছেইন আৰু ইসলাম উদ্দিনক মঙলবাৰে আদালতলৈ প্ৰেৰণ কৰিব পাথাৰকান্দি আৰক্ষীয়ে ৷

পাথাৰকান্দিত খুড়াকৰ হাতত প্ৰাণ গ'ল ভতিজাকৰ

ABOUT THE AUTHOR

...view details