অসম

assam

By

Published : Apr 29, 2021, 2:02 PM IST

ETV Bharat / state

কৰিমগঞ্জত বোৱাৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতা-পুত্ৰ

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ ফানাইৰবন্দত বোৱাৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ স্বামী-শহুৰ । মৃত মহিলা গৰাকী হৈছে কালীনগৰৰ বাসিন্দা বিজয় ৰয়ৰ ২১ বছৰীয়া কন্যা গৌৰী ৰয় ৷

কৰিমগঞ্জত বোৱাৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতা-পুত্ৰ
কৰিমগঞ্জত বোৱাৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতা-পুত্ৰ

কৰিমগঞ্জ,29 এপ্ৰিল:কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ ফানাইৰবন্দত বোৱাৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে স্বামী আৰু শহুৰ । মৃত মহিলা গৰাকী হৈছে কালীনগৰৰ বাসিন্দা বিজয় ৰয়ৰ ২১ বছৰীয়া কন্যা গৌৰী ৰয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২৬ এপ্ৰিলৰ নিশা স্বামীয়ে গৌৰীৰ পৰিয়ালৰ লোকক গৌৰীৰ আকস্মিক মৃত্যু হোৱা বুলি অৱগত কৰে । তাৰ পিছদিনা পুৱা গৌৰীৰ পৰিয়ালৰ লোকে শহুৰেকৰ ঘৰত উপস্থিত নোহোৱাতে গৌৰীৰ স্বামী পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰে । ইয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ । যাৰ ফলত ২৭ এপ্ৰিলত গৌৰীৰ মাতৃয়ে ৰাতাবাৰী আৰক্ষী থানাত গৌৰীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ৰুজু কৰে এক গোচৰ । আৰক্ষীয়ে এই ঘটনাৰ তদন্তত মূল অভিযুক্ত গৌৰীৰ স্বামী-শহুৰেকক গ্ৰেপ্তাৰ কৰে ।

কৰিমগঞ্জত বোৱাৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতা-পুত্ৰ

বৃহস্পতিবাৰে আৰক্ষীয়ে পিতা-পুত্ৰ দুয়োকে আদালতত হাজিৰ কৰোৱা হয় । আদালতৰ নিৰ্দেশত বৰ্তমান ৰঙাঘৰৰ আলহী দুয়ো পিতা-পুত্ৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি, বিগত প্ৰায় আঠ মাহ পূৰ্বে ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফানাইৰবন্দ এলেকাৰ গিৰিধাৰী ৰয়ৰ সৈতে গৌৰী ৰয়ৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয় ৷ কিন্তু বিবাহৰ কিছুদিন পাছৰে পৰাই দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি হ’বলৈ ধৰে ৷ প্ৰায় প্ৰতিদিনেই গৌৰীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে গৌৰীৰ পৰিয়ালৰ লোকে । পিছে গৌৰীয়ে সকলো কথা নিজ মাতৃক অৱগত কৰিছিল ৷ কিন্তু তাৰে পৰিণতিত মৃত্যুক সাবটি ল’বলগাত পৰিছিল গৌৰী ৰয় ৷

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন উৎপাদনকাৰী প্লাণ্ট মুকলি

ABOUT THE AUTHOR

...view details