অসম

assam

By

Published : Dec 5, 2020, 12:30 PM IST

ETV Bharat / state

'মিষ্টাৰ কামৰূপ 2020'ৰ বিজয়ী বিপ্লৱ সিনহাক সম্বৰ্ধনা

পাথাৰকান্দিৰ নিজ গাঁৱত সম্বৰ্ধনা জনোৱা হয় 'মিষ্টাৰ কামৰূপ 2020'ৰ বিজয়ী বিপ্লৱ সিনহাক । মিষ্টাৰ কামৰূপ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰা বিল্পৱ সিনহাৰ পৰবৰ্তী লক্ষ্য হৈছে মিষ্টাৰ অসমৰ খিতাপ জয় কৰা ।

mr-kamrup-2020-award-
'মিষ্টাৰ কামৰূপ 2020'ৰ বিজয়ী বিপ্লৱ সিনহাক সম্বৰ্ধনা

কৰিমগঞ্জ,5 ডিচেম্বৰ: শৰীৰ চৰ্চা এতিয়া একাংশ যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ শৰীৰ চৰ্চা কেৱল চহৰাঞ্চলতে সীমাবদ্ধ নহয়, গাঁওসমূহতো ইয়াৰ সমানে প্ৰভাৱ পৰিলক্ষিত হয় ৷ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত নালুগাঁৱৰ যুৱক বিপ্লৱ সিনহাই ইয়াৰ প্ৰমাণ দাঙি ধৰে ।

'মিষ্টাৰ কামৰূপ 2020'ৰ বিজয়ী বিপ্লৱ সিনহাক সম্বৰ্ধনা

উল্লেখ্য যে, বিগত ২৮ নৱেম্বৰত গুৱাহাটীৰ গণেষপাৰাত অনুষ্ঠিত হৈছিল 'মিষ্টাৰ কামৰূপ 2020'ৰ প্ৰতিযোগিতা, য'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শৰীৰ চৰ্চাবিদে অংশ গ্ৰহণ কৰে । এই প্ৰতিযোগীসকলৰ ভিতৰত 70 কেজিৰ বিভাগত স্বৰ্ণ পদক লাভ কৰি মিষ্টাৰ কামৰূপৰ খিতাপ জয় কৰিবলৈ সক্ষম হয় নলুগাঁৱৰ যুৱক বিপ্লৱ সিনহাই ।

মিষ্টাৰ কামৰূপৰ খিতাপ জয় লাভ কৰা বিপ্লৱ সিনহা আজি উপস্থিত হয় নিজ গাঁৱত । যুৱকজন উপস্থিত হোৱাৰ পাচতে সম্বৰ্ধনা প্ৰদান কৰে গাঁৱৰ পুৰুষ-মহিলাসকলে ।

অন্য এক খবৰৰ বাবে:কংগ্ৰেছত যোগদান প্ৰাক্তন বিজেপি-এআইইউডিএফৰ দুই নেতাৰ

ABOUT THE AUTHOR

...view details