অসম

assam

ETV Bharat / state

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজ বন্ধ কৰাৰ দাবী বদৰুদ্দিন আজমলৰ - সাংসদ বদৰুদ্দিন আজমল

মন্ত্ৰী গৰাকীয়ে বদৰুদ্দিন আজমলৰ একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি এটা ভিডিঅ’ ফেচবুক পেজত শ্বেয়াৰ কৰিছিল ৷ দেওবাৰে উক্ত ভিডিঅ’টো ভিত্তিহীন বুলি বন্ধ কৰিলে ফেচবুক কৰ্তৃপক্ষই ৷

mp-badaruddin-ajmal-demand-to-ban-himanta-bishwas-facebook-page
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেইজ বন্ধ কৰাৰ দাবী বদৰুদ্দিন আজমলৰ

By

Published : Nov 8, 2020, 2:18 PM IST

কৰিমগঞ্জ, 8 নৱেম্বৰ: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰা পাকিস্তান জিন্দাবাদ ধ্বনি সম্বলিত ভিডিঅ’ ভিত্তিহীন বুলি বন্ধ কৰিলে ফেচবুক কৰ্তৃপক্ষই ৷ ইয়াৰে পাছতে এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ লোকে ৷ ইয়াৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ বদৰুদ্দিন আজমলে ৷ মন্ত্ৰী গৰাকীৰ এনে কৰ্ম কাণ্ডৰ বিৰুদ্ধে অচিৰেই আইনী প্ৰক্ৰিয়া আগবঢ়াব বুলি জনাইছে নেতা গৰাকীয়ে ৷ আনকি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হিমন্তৰ বিৰুদ্ধে গোচৰ তৰাৰ পোষকতা কৰিছে আজমলে ৷ লগতে হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজটো অন্তত এক বছৰৰ বাবে বন্ধ কৰি দিয়াৰো দাবী উত্থাপন কৰিছে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেইজ বন্ধ কৰাৰ দাবী বদৰুদ্দিন আজমলৰ

উল্লেখ্য যে, কেইদিনমানৰ পূৰ্ব শিলচৰ বিমানবন্দৰত এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলৰ একাংশ সমৰ্থকে পাকিস্তান ধ্বনি দিয়া এটা ভাইৰেল ভিডিঅই তোলপাৰ লগাইছিল ৰাজ্যৰ ৰাজনীতি ৷ উক্ত ঘটনাক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে উক্ত ভিডিঅ’টো ভিত্তিহীন বুলি উল্লেখ কৰি ফেচবুক কৰ্তৃপক্ষই বন্ধ কৰি দিয়াত ঘটনা সন্দৰ্ভত সৃষ্টি হৈছে অন্য এক বিতৰ্কৰ ৷

লগতে পঢ়কঃউদ্বোধনী অনুষ্ঠাৰ পৰা ৰাইজে ওভতাই পঠালে বিধায়ক প্ৰদীপ হাজৰিকাক

ABOUT THE AUTHOR

...view details