অসম

assam

ETV Bharat / state

Karimganj Road Accident : দুৰ্ভগীয়া পৰিয়ালৰ কাষত ৰাজনৈতিক নেতা

বৃহস্পতিবাৰে পুৱা কৰিমগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ কাষত থিয় দিলে শাসক আৰু বিৰোধী উভয় দলৰ নেতা ৷ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু নৱ নিযুক্ত অসম চাহ পৰিষদৰ চেয়াৰমেন ৰাজদীপ গোৱালাই সাক্ষাৎ কৰে দুৰ্ভগীয়া পৰিয়ালকেইটাক ৷

By

Published : Nov 12, 2021, 7:12 PM IST

Karimganj Road Accident
Karimganj Road Accident

কৰিমগঞ্জ, 12 নৱেম্বৰ : কৰিমগঞ্জ জিলাৰ বৈঠাখাল এলেকাত সংঘটিত পথ দুৰ্ঘটনাত নিহত পৰিয়ালৰ খবৰ ল'লে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু নৱ নিযুক্ত অসম চাহ পৰিষদৰ অধ্যক্ষ ৰাজদীপ গোৱালাই ।

লংগাই চাহ বাগিছাৰ নিহত চাৰি পৰিয়ালৰ খবৰ ল'বলৈ শুকুৰবাৰে প্ৰথমতে বাগিছাত উপস্থিত হয় কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ । বিধায়কগৰাকীয়ে নিহত হোৱা পৰিয়ালৰ লোকসকলৰ ঘৰত উপস্থিত হৈ সমবেদনা জ্ঞাপনৰ সমান্তৰালকৈ আগন্তুক দিনত কাষত থকাৰ আশ্বাস প্ৰদান কৰে ।

কৰিমগঞ্জৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত ৰাজনৈতিক নেতা

আনহাতে বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত ঘটনাৰ বাবে আৰক্ষী প্ৰশাসনক জগৰীয়া কৰি বিধায়ক কমলাক্ষই কয় যে, দুৰ্ঘটনাৰ বিষয়টোৰ তেওঁ উচিত তদন্ত বিচাৰিব ।

ইফালে, ইয়াৰ পিছতে অৰ্থাৎ দুপৰীয়াৰ ভাগত লংগাই চাহ বাগিছাত উপস্থিত হয় সাংসদ কৃপানাথ মাল্লাহ আৰু ATC ৰ নৱনিযুক্ত অধ্যক্ষ ৰাজদীপ গোৱালা । এওঁলোকেও নিহত পৰিয়ালৰ খবৰ লোৱাৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ আত্মাৰ সতগতি কামনাৰে দুই মিনিট নীৰৱতা পালন কৰে । ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি গৰাকী নিহতৰ বাবে এক লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে নেতাদ্বয়ে ৷

ইয়াৰ সমান্তৰালকৈ Disaster managemnt ৰ ফালৰ পৰা আৰু দুই লাখ টকা আৰ্থিক সাহায্য দিয়া হ’ব বুলিও জানিবলৈ দিয়ে দুয়োগৰাকী নেতাই । বৃহস্পতিবাৰে পুৱা ষট পূজা সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথত সংঘটিত এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় 9 গৰাকীকৈ লোকে ৷ অট’ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক :কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত 9

ABOUT THE AUTHOR

...view details