বদৰপুৰ, 25 ডিচেম্বৰঃ এগৰাকী সাধাৰণ মটৰ মেকানিক হৈয়ো কৰিমগঞ্জ জিলাৰ মদন ৰায়ে নিৰ্মাণ কৰি উলিয়াইছে এখন জেচিবি ৷ মাত্ৰ পাঁচহাজাৰ টকা খৰচ কৰি ৰায়ে নিৰ্মাণ কৰি উলিয়াইছে ক্ষুদ্ৰাকৃতিৰ জেচিবিখন ৷ বদৰপুৰ সমষ্টিৰ বনাখআলা গাঁৱৰ বাসিন্দা মদন ৰায়ে জেচিবিৰ উপৰিও নিৰ্মাণ কৰি উলিয়াইছে এখন স্পীদবোট ৷ আনকি নিজ হাতে নিৰ্মাণ কৰা স্পীদবোটখন স্থানীয় গোমটি নৈত চলায়ো দেখুৱায় ৰায়ে ৷
মটৰ মেকানিক মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন - মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন
কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ মদন ৰায় নামৰ মটৰ মেকানিকজনে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ জেচিবি ৷ ক্ষুদ্ৰাকৃতিৰ জেচিবিখনে অন্যান্য জেচিবিৰ দৰেই একেই কাম কৰি দেখুৱাবলৈ সক্ষম হৈছে ৷
![মটৰ মেকানিক মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন Madan Ray Made a model JCB, Motor Mechanic Madan Ray, Motor Mechanic Madan Ray Made JCB, Motor Mechanic Madan Ray Karimganj, মটৰ মেকানিক মদন ৰায় নিৰ্মিত জেচিবি, মটৰ মেকানিক মদন ৰায় জেচিবি, কৰিমগঞ্জ মটৰ মেকানিক মদন ৰায়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5487126-thumbnail-3x2-0.jpg)
মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন
মদন ৰায়ে নিৰ্মাণ কৰি উলিওৱা জেচিবিখন
কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনেই একমাত্ৰ নিজ কৰ্মদক্ষতাৰ বলতে ৰায়ে নিৰ্মাণ কৰি উলিয়াইছে ইটোৰ পিচত সিটো যন্ত্ৰ ৷ ইয়াৰ পূৰ্বে ৰায়ে এখন হেলিকপ্টাৰ নিৰ্মাণ কৰি উলিয়াইছিল যদিও অলপ সময় উৰাৰ পিচতেই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্থ হয় ৷ মদন ৰায়ৰ এই কাৰ্যদক্ষতা কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সম্ভৱ হৈ পৰিছে ৷ কৰিমগঞ্জৰ এটা গেৰেজত কাম কৰি পৰিয়াল চলাই থকা মদনে অসম চৰকাৰৰ পৰা সাহাৰ্য লাভ কৰিলে আগলৈ আৰু অধিক যন্ত্ৰ বনাবলৈ সক্ষম হ'ব বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷