শিলচৰ,30 জুলাই:প্ৰসংগ শিলচৰ নেচনেল ইনষ্টিটিউট অৱ টেকন’লজি(NIT)ৰ চৌহদত মৰেল পুলিচিঙৰ ঘটনা ৷ শিলচৰ নেচনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ চৌহদত মৰেল পুলিচিঙৰ ঘটনাৰ সংঘটিত হোৱাৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰিছে তিনিজনকৈ নিৰাপত্তাৰক্ষীক ৷
শনিবাৰে এন আই টিৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা ভ্যানগাৰ্ড ছিকিউৰিটি চাৰ্ভিচ কৰ্তৃপক্ষই এই নিৰ্দেশ দিয়ে ৷ বৰ্খাস্ত হোৱা তিনিজন নিৰাপত্তাৰক্ষী হৈছে ইবাংগা য়াইমা সিং, ৰাজকুমাৰ নুনিয়া আৰু অনিল নুনিয়া ৷
উল্লেখ্য যে বুধবাৰে নিশা শিলচৰ এন আই টিৰ ৯ নং হোষ্টেল এটা ম’বাইল ফোন চুৰি কৰাৰ অভিযোগত এন আই টিৰ ছাত্ৰৰ এটা দলে তিনিজন ৰান্ধনীক আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হৈছে তিনি ৰান্ধনী ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ আনহাতে উক্ত ঘটনাৰ সময়ত কৰ্তব্যত আছিল নিলম্বিত তিনি নিৰাপত্তাৰক্ষী ৷
তিনি নিৰাপত্তাৰক্ষীৰ সন্মুখতে তিনিজন ৰান্ধনীক নিৰ্মম অত্যাচাৰ কৰিছিল একাংশ ছাত্ৰই ৷ অভিযোগ অনুসৰি মাৰপিটৰ দৃশ্য দেখাৰ পাচতো নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিল সেই নিৰাপত্তাৰক্ষী কেইজনে ৷ সেয়ে শনিবাৰে তিনি নিৰাপত্তাৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ এন আই টিৰ নিৰাপত্তাৰ দায়িত্বত থকা ভ্যানগাৰ্ড ছিকিউৰিটি চাৰ্ভিচেছ অথৰিটিয়ে চিচিটিভিৰ ফুটেজ আৰু অভিযোগকে ধৰি প্ৰত্যক্ষ প্ৰমাণৰ ভিত্তিত তিনিওজন নিৰাপত্তাৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷
বুধবাৰৰ নিশা শিলচৰ NITত বিকি ৰি, মনা দাস আৰু দৰ্পণ ৰাজকুমাৰ নামৰ তিনিজন ৰান্ধনীক আটক কৰে মোবাই চুৰৰ অভিযোগত । পৰৱৰ্তী সময়ত তিনি ৰান্ধনীক গাড়ীত তুলি NIT ৰ 9 নং হোষ্টেলত লৈ যায় ছাত্ৰ দলটোৱে । তাৰ পাচত সেই স্থানত তিনি ৰান্ধনীক দলবদ্ধভাৱে আক্ৰমণ আৰম্ভ কৰে গুণ্ডাৰূপী ছাত্ৰই ।
লগতে পঢ়ক:Silchar NIT: হোষ্টেলৰ ৰান্ধনীক প্ৰহাৰ কৰা ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব শিলচৰ NIT কৰ্তৃপক্ষই