কৰিমগঞ্জ,7 জুন:কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত বুবৰিঘাট চাহ বাগিচাত সংঘটিত হৈছে মৰেল পুলিচিগিৰিৰ ঘটনা ৷ চোৰৰ সন্দেহত এগৰাকী লোকক ব্যাপকভাৱে গণপ্ৰহাৰ কৰে স্থানীয় ৰাইজে ৷ অৱশেষত একাংশ সচেতন ব্যক্তিৰ সহযোগত আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি পাথাৰকান্দি চিকিৎসালয়ৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে লোকজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
ৰাতাবাৰী ধৰগাঁৱৰ ইছান আলী নামৰ লোকজনে শনিবাৰে নিশাৰ ভাগত বুবৰিঘাট চাহ বাগিচাত সন্দেহজনকভাৱে বিচৰণ কৰাত সন্দেহ ওপজে স্থানীয় ৰাইজৰ ৷ দৰাচলতে উক্ত অঞ্চলত সঘনে বাংলাদেশী গৰু চোৰে তাণ্ডৱ চলোৱাৰ বাৱে ৰাইজে ব্যক্তিজনক চোৰৰ সন্দেহ কৰে ৷ ইয়াৰ পিছতে বাগিচাৰ একাংশ যুৱকে লোকজনক ধৰি মাৰধৰ কৰে ৷