অসম

assam

ETV Bharat / state

হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বিজেপী নেতা মনোজ তিৱাৰী - ভোজপুৰি

শুকুৰবাৰে কথমপি হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা অতিকৈ জনপ্ৰিয় ভোজপুৰী অভিনেতা মনোজ তিৱাৰী। ৰাতাবাৰীৰ এখন নিৰ্বাচনী জনসভাত নিজেই এই কথা উল্লেখ কৰে ।

কথমপি হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা মনোজ তিৱাৰীৰ
কথমপি হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা মনোজ তিৱাৰীৰ

By

Published : Mar 27, 2021, 2:13 PM IST

কৰিমগঞ্জ, 27 মাৰ্চ : নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি বিপদত, কথমপি প্ৰাণ ৰক্ষা ভোজপুৰী হাৰ্টথ্ৰব মনোজ তিৱাৰীৰ ৷ শুকুৰবাৰে কথমপি হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা অতি জনপ্ৰিয় ভোজপুৰী অভিনেতা মনোজ তিৱাৰী । ৰাতাবাৰীৰ এখন নিৰ্বাচন জনসভাত নিজেই এই কথা উল্লেখ কৰে ।

কথমপি হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা মনোজ তিৱাৰীৰ

উল্লেখযোগ্য যে, গুৱাহাটীৰ খানাপাৰাৰ অস্থায়ী হেলিপেডৰ পৰা ৰাতাবাৰীৰ সভাস্থলীত থকা অস্থায়ী হেলিপেডলৈ উৰা মাৰিছিল। কিন্ত ৰাতাবাৰীৰ সভাস্থলীলৈ উৰা মৰাৰ সময়তে বায়ুৰ নিম্ন চাপৰৰ বাবে মেঘালয়ৰ পাহাৰত খুন্দা মাৰিব লগিয়া পৰিস্থিতিৰ সম্মুখীন হৈছিল বুলি জানিব পৰা গৈছে । শ্ৰীলংকাৰ পাইলটৰ বিচক্ষণতাৰ বাবে দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে বুলি উল্লেখ কৰে মনোজ তিৱাৰীয়ে ।

লগতে পঢ়কঃ কলিয়াবৰত কেশৱ মহন্তৰ ভোটদান

ABOUT THE AUTHOR

...view details