কৰিমগঞ্জ,22 ডিচেম্বৰ: দীৰ্ঘ প্ৰতীক্ষিত পাথাৰকান্দিৰ লোৱাইৰপোৱাৰ পৰা বিশ নম্বৰ বাইপাছলৈকে পথটোৰ আধাৰশিলা স্থাপন কৰে বিজেপি বিধায়ক কৃশেন্দু পালে ৷ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন হোৱাত আনন্দিত হৈ পৰিছে অঞ্চলবাসীয়ে ৷ দীৰ্ঘদিনৰ পৰা অতি শোচনীয় হৈ থকা পাথাৰকান্দিৰ পৰা ত্ৰিপুৰা সংযোগী পথটোৱে জ্বলা কলা খুৱাইছে স্থানীয় লোকক ৷
পাথাৰকান্দিৰ পৰা ত্ৰিপুৰা সংযোগী পথৰ আধাৰশিলা স্থাপন - Lowaipoa to Tripura
বিজেপি বিধায়ক কৃশেন্দু পালে পাথাৰকান্দিৰ পৰা ত্ৰিপুৰা সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে ৷ তিনি কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাৰ শোচনীয় অৱস্থাই জ্বলা কলা খুৱাই আহিছে স্থানীয় লোকক ৷ পথচোৱাৰ আধাৰশিলা স্থাপন কৰাত আনন্দিত হৈ পৰিছে অঞ্চলবাসী ৷
পাথাৰকান্দিৰ পৰা ত্ৰিপুৰা সংযোগী পথৰ আধাৰশিলা স্থাপন
2021 চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ইয়াৰ লগতে কৰিমগঞ্জৰ পৰা চূড়াইবাৰীলৈকে পথ নিৰ্মাণৰ বাবে প্ৰায় চল্লিশ কোটি টকা আবন্টন দিয়া হৈছে বুলিও মন্তব্য কৰে ৷
লগতে পঢ়ক:অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ
Last Updated : Dec 22, 2020, 1:19 PM IST