কৰিমগঞ্জ, 16 অক্টোবৰ : অসমৰ ভূমিত মিজোৰ আগ্ৰাসন দীৰ্ঘদিনীয়া এক সমস্যা। অসমৰ ভূমিত মিজোৰ আগ্রাসন সন্দর্ভত অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নেতৃত্বত এটা প্রতিনিধি দলে । চৰকাৰৰ চৰম উদাসীনতাৰ ফলত অসমৰ ভূমিত মিজোৱে আগ্ৰাসন চলোৱা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে । তেওঁৰ অভিযোগ মতে ৰাজ্যৰ বিভিন্ন ঠাইত অসমৰ ভূমিত আগ্ৰাসন চলিছে । কিন্তু এইখন সৰকাৰে কোন ধৰণৰ ভাল পদক্ষেপ নোলোৱাৰ কথা উল্লেখ কৰি বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে ।
উল্লেখ্য দীর্ঘ দিন ধৰি ৰাতাবাৰী সমষ্টিৰ ৰংপুৰ আৰু পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত অসমৰ ভূমিত মিজোৰামৰ লোকে আগ্ৰাসন চলাই আহিছে ৷ ইতিপূৰ্বে কৰিমগঞ্জৰ উপায়ুক্তই আৰক্ষী প্ৰসাসনক লগত লৈ উচ্ছেদ কৰিছিল মিজোৱে নিৰ্মাণ কৰা ঘৰ,দলং আদি ৷ কিন্তু তাৰ পাচতো পুনৰ সিংলা সংৰক্ষিত বনাঞ্চলত বিভিন্ন নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল মিজোৰামৰ লোকে ৷