কৰিমগঞ্জ, 23 জুন :কৰিমগঞ্জত জ্বলিল চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ প্ৰতিকৃতি ৷ কৰিমগঞ্জৰ জিলা কংগ্রেছৰ কার্যালয়ৰ সম্মুখত চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ একাংশ নেতা-সদস্যই ৷ কিন্তু প্ৰতিবাদৰ নামত সামাজিক দূৰত্বৰ সকলো নীতি নিয়ম ভৰিৰে মোহাৰিলে এইসকল কংগ্ৰেছীয়ে নেতা-কৰ্মীয়ে ৷
উল্লেখ্য যে, যোৱা 15 জুনত লাডাখৰ গালৱানৰ চীন-ভাৰত সীমান্তত চীনা সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । কৰিমগঞ্জতো দেখিবলৈ পোৱা গ'ল চীনৰ বিৰুদ্ধে প্ৰতিবাদ । এই প্ৰতিবাদৰ অংশ হিচাপে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থসহ জিলা কংগ্রেছৰ কৰ্মকৰ্তাসকলে চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ কৰে ৷ কিন্তু এই কাৰ্যসূচী পালন কৰিবলৈ আহি খোদ বিধায়কেই উলংঘা কৰিলে সামাজিক দূৰত্বৰ নিয়ম ৷