কৰিমগঞ্জ, 2অক্টোবৰ : উত্তৰ কৰিমগঞ্জত পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ । কৰিমগঞ্জ জিলাৰ মুগলেশ্বৰ গাঁৱৰ পৰা কানিশাইল সংযোগী পথটো পুনৰ নিৰ্মাণৰ বাবে শুকুুৰবাৰে আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে । উল্লেখযোগ্য যে, নিৰ্মাণ হ'বলগীয়া পাঁচ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ দুয়োকাষে নলা আৰু পথটো গড়কাপ্তানি বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে । উলেখ্য যে, দীর্ঘ দিন ধৰি জৰাজীৰ্ণ পথটোৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ৷
উত্তৰ কৰিমগঞ্জত পথৰ আধাৰশিলা স্থাপন বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ - MLA Kamalakhya day
উত্তৰ কৰিমগঞ্জত প্রায় 45 লাখ 26 হাজাৰ টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ'বলগীয়া এটা পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ।
উত্তৰ কৰিমগঞ্জত পথৰ আধাৰশিলা স্থাপন বিধায়ক কমলাক্ষ দে'
ইফালে পথটো মেৰামতি কৰি দিবলৈ স্থানীয় ৰাইজে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক দীৰ্ঘ দিন ধৰি আহ্বান জনাইছিল ৰাইজে । ইতিমধ্যে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই পথ নিৰ্মাণৰ বাবে প্রায় 45 লাখ 26 হাজাৰ টকা ঘোষণা কৰে ।
লগতে পঢ়ক :অসহযোগ আন্দোলনত বহিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী