অসম

assam

ETV Bharat / state

গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে প্ৰতিবাদ বিধায়ক কমলাক্ষ দে'ৰ - বিধায়ক কমলাক্ষ দে

পথ নিৰ্মাণৰ দাবীত কৰিমগজ্ঞ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে ধৰ্ণাত বহিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত কৰিমগজ্ঞ জিলা কংগ্ৰেছ।

MLA Kamalakhya Day Purakayatha Protest At Karimganj
গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে প্ৰতিবাদ বিধায়ক কমলাক্ষ দে'ৰ

By

Published : Jul 28, 2020, 9:27 PM IST

কৰিমগঞ্জ, 28 জুলাইঃ পথ নিৰ্মাণৰ দাবীত কৰিমগজ্ঞৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে চৰকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷

গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে প্ৰতিবাদ বিধায়ক কমলাক্ষ দে'ৰ

দীৰ্ঘ দিন ধৰি কৰিমগঞ্জ চহৰৰ ১৫১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সুতাৰকান্দি লৈকে প্ৰায় ১৪ কিঃমিঃ লৈকে অতি জৰাজীৰ্ণ অৱস্থা হৈ আছে ৷ ফলত উক্ত পথটোত যাতায়াতৰ বাবে ৰাইজে যমৰ-যাতনা ভুগিব লগা হৈছে ৷

ইফালে পথটো মেৰামতিৰ বাবে ৰাইজে গড়কাপ্তানী বিভাগক বহু আহ্বান জনোৱাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজে ৷ আনহাতে 2015 চনৰ পৰাই পথটোৰ মেৰামতিৰ বাবে বাৰম্বাৰ টেণ্ডাৰ লাভ কৰিছে যদিও আজিলৈকে পথটো মেৰামতিৰ কাম আৰম্ভ নকৰাত ক্ষুব্ধ হৈ পৰে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে পাঁচ বছৰ ধৰি এই পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই গা এৰি চলি থকা বুলি কয় ৷ ইয়াৰ বাবে মঙলবাৰে উত্তৰ কৰিমগজ্ঞৰ বিধায়ক জনৰ নেতৃত্বত কৰিমগজ্ঞ জিলা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে কৰিমগজ্ঞ গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাই পথ)ৰ কাৰ্যালয়ত প্ৰতিবাদ কৰাৰ উপৰিও দায়িত্বত থকা কৰ্তৃপক্ষৰ লগত সাক্ষাৎ কৰি পথৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details