অসম

assam

ETV Bharat / state

ভাৰত-বাংলা সীমান্তত 6 খন গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতি - হাহাকাৰ

কৰিমগঞ্জৰ 6 খন গাঁৱৰ ৰাইজে অনাহাৰে দিন কটাব লগা হৈছে । চাউল,দাইল ক্ৰয় কৰিবলৈ নাই কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৷

ETV BHARAT
ভাৰত-বাংলা সীমান্তত 6 খন গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতি

By

Published : Apr 17, 2020, 11:28 AM IST

কৰিমগঞ্জ, 17 এপ্ৰিলঃ কৰিমগঞ্জৰ 6 খন গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অনাহাৰে দিন কটাব লগা হৈছে গাঁৱৰ ৰাইজে।কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত লক ডাউনৰ লগে লগে ভাৰত-বাংলা সীমান্ত ছিল কৰা হৈছে । ফলত ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জৰ 6 খন গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সীমান্ত ছিল কৰাৰ লগতে লক ডাউনৰ ফলত তীব্ৰ খাদ্য় সামগ্ৰীৰ নাটনি হৈছে ৰাইজৰ ৷ তাৰোপৰি গাঁও বোৰত নাই কোনো দোকান-বজাৰ । আনহাতে,তেওঁলোকে পোৱা নাই কোনো ধৰণৰ চৰকাৰী সা- সাহাৰ্য ৷ ফলত অনাহাৰে দিন কটাব লগা হৈছে ৰাইজে ৷ অৱশেষত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই তেওঁলোকক চাউল,দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ৷ লগতে সীমান্তবাসী ৰাইজ যাতে চিকিৎসাকে ধৰি কোনো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

ভাৰত-বাংলা সীমান্তত 6 খন গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details