কৰিমগঞ্জ,17 ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা কৰিমগঞ্জৰ চৰ বাজাৰত সংঘটিত অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা পৰিয়ালৰ কাষত মঙলবাৰে উপস্থিত হয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বিধায়কগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগীসকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আৰ্থিক সাহায্য বিতৰণ কৰে ৷ তদুপৰি পৰিয়ালসমূহলৈ চৰকাৰী সাহায্য প্ৰদানৰো আশ্বাস প্ৰদান কৰে ৷
অগ্নিকাণ্ডত সৰ্বস্বান্তৰ কাষত কৰিমগঞ্জৰ বিধায়ক - আৰ্থিক সাৰ্হায বিতৰণ
কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই চৰ বাজাৰত সংঘটিত অগ্নিকাণ্ডৰ ভুক্তভোগীৰ ওচৰত থিয় হৈ পৰিস্থিতিৰ বুজ লয় ৷ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে ৷
অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ কাষত বিধায়ক কমলাক্ষ দে পুৰকায়স্থ
উল্লেখ্য যে, সোমবাৰে নিশা সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত সজল দাস আৰু শিপ্ৰা দাস নামৰ দুগৰাকী ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাই যায় ৷