কৰিমগঞ্জ, 23 অক্টোবৰ: কৰ'ণাৰ ভয়াৱহ সংক্ৰমণে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশ,ম্লান কৰিছে পূজাৰ উছাহ ৷ দীৰ্ঘদিনীয়া ল'ক ডাউনে আৰ্থিক ভাৱে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ তাৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা ৷ এই পূজাৰ সময়ত পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মহানুভৱতা ৷ সমষ্টিৰ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে বস্ত্ৰ ।
পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ বস্ত্ৰ বিতৰণ - বিজেপি দলৰ সদস্য
পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মহানুভৱতা ৷ সমষ্টিৰ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰিলে বস্ত্ৰ ৷
পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ বস্ত্ৰ বিতৰণ
এই বস্ত্ৰ বিতৰণ কাৰ্যসূচী বিজেপি দলৰ সদস্য সকলে মিলি কিছুদিনৰ আগতেই আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত বহু হেজাৰ মানুহৰ মাজত বস্ত্ৰ বিতৰণ কৰিবলৈ সক্ষম হৈছে । বিধায়ক গৰাকীৰ এনে মহানুভৱতাক সলাগ লৈছে সমষ্টিবাসীয়ে ৷
লগতে পঢ়ক:ক'ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মৰাণত আৰম্ভ হৈছে দুৰ্গা পূজা