পাথাৰকান্দি, 20 জুলাই : ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসম-মিজোৰাম সীমান্তত পুনৰ বৃদ্ধি পাইছে উত্তেজনা ৷ এইবাৰ নতুনকৈ অসমৰ ভূমি দখলৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে মিজোৰামে ৷ স্থানীয় জনগোষ্ঠীয় লোকক প্ৰলোভন দেখুৱাই অসমৰ মাটি মিজোৰামৰ বুলি দাবী কৰাই আন্দোলনত থিয় কৰালে মিজোৰামে ৷ এই ঘটনাই সীমান্ত অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷
উল্লেখ্য যে, যোৱা বছৰ ৰাতাবাৰী অসম মিজোৰাম সীমান্তৰ ছিংলা সংৰক্ষিত বনাঞ্চলৰ ভুবিৰবন্দ এলেকাত মিজোৰামে দখল কৰা ভূমিত উচ্ছেদ অভিযান চলাইছিল জিলা প্ৰশাসনে ৷ কিন্তু জিলা প্ৰশাসনৰ আগ্ৰাসনৰ পিছতে উক্ত অঞ্চলত মিজোৰ অসমৰ ভূমি আগ্ৰাসন দুগুণে বৃদ্ধি পাইছে ৷ সীমান্তত প্ৰায় দুই কিলোমিটাৰ ঠাই দখল কৰি মিজো সকলে নিৰ্মাণ কৰিছে ঘৰ-বাৰী ৷ অসমৰ ভূমিত নিৰ্মাণ কৰিছে আইআৰ বেটেলিয়ন কেম্প ৷
উল্লেখ্য যে, শেহতীয়াকৈ অসমৰ ভূমিত কেইবা কিলোমিটাৰ সোমাই আহিছে মিজোসকল ৷ প্ৰতি মূহুৰ্ততে আগ্ৰাসন আগবঢ়াই গৈছে মিজো সকলে ৷ কিন্তু ইয়াৰ বিপৰীতে সীমান্তত এটা আৰক্ষী কেম্প বনাইয়ে দায়িত্ব সামৰিছে অসমৰ প্ৰশাসনে ৷ যাৰ বাবে শংকিত হৈ পৰিছে সীমান্ত অঞ্চলত বাস কৰা লোক সকল ৷