কৰিমগঞ্জ,10 অক্টোবৰঃ মেঘালয়, নাগালেণ্ডৰ পাছত এইবাৰ মিজোৰামে দখল কৰিলে অসমৰ ভূমি ৷ মিজোৰামৰ একাংশ লোকে অসমৰ ভূমি দখল কৰি তাত জুম খেতি কৰাৰ উপৰিও স্থাপন কৰিলে ঘৰ ৷ তাৰোপৰি চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰী আঁচনিৰ অন্তৰ্গত কামৰো আধাৰশিলা স্থাপন কৰিলে অসমৰ ভূমিত ৷ অবশেষত কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ বলিষ্ঠ পদক্ষেপত উৎখাত কৰা হ’ল সকলো ৷
উল্লেখযোগ্য যে, কৰিমগঞ্জৰ ৰংপুৰ এলেকাত থকা অসম মিজোৰাম সীমান্তৰ অতিকে দূৰ্গম এই অঞ্চলটো ৷ অসমৰ সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত এই অঞ্চলটোl বহু দিনৰ পৰাই মিজোৰামে ভূমি দখলৰ লগতে ভয় ভাবুকি দেখুৱাই আহিছিল ৷ অসমৰ সীমাৰ ভিতৰত বলপূৰ্বক প্ৰৱেশ কৰি প্ৰায় ৫০০ মিটাৰ এলেকা সামৰি ভূমি বেদখল কৰি স্থায়ী ঘৰ স্থাপনৰ লগতে অঞ্চলটোত জুম খেতি কৰিবলৈ আৰম্ভ কৰিছিল ৷ এই সকলো দেখিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ দেখা পোৱা নগৈছিল ৷