অসম

assam

By

Published : Nov 8, 2020, 11:21 AM IST

Updated : Nov 8, 2020, 11:51 AM IST

ETV Bharat / state

উপায়ুক্তৰ সমুখতেই হাতত বন্ধুক লৈ থিয় মিজো যুৱক

শনিবাৰে সীমান্তত উপস্থিত হৈ নিৰাপত্তা জনিত দিশ সমূহৰ পৰ্যাবেক্ষণ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই ৷ ঘটনাক কেন্দ্ৰ কৰি সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷

mizo-miscreants-blast-in-a-school-at-assam-mizoram-boarder
সীমান্তত উত্তেজনাঃ অসমৰ বিদ্যালৰ বোমাৰে উৰুৱালে মিজো দুষ্কৃতিকাৰীয়ে

কৰিমগঞ্জ, 8 নৱেম্বৰ : ভূমি কেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তত অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ ইয়াৰ মাজতে শুকুৰবাৰে নিশা অসমৰ ভূমিত থকা এখন বিদ্যালয় বোমাৰে উৰুৱাই দিয়ে অচিনাক্ত মিজো দুষ্কৃতিকাৰীয়ে ৷

এই ঘটনাৰ পাছতে শনিবাৰে সীমান্তত উপস্থিত হৈ নিৰাপত্তা জনিত দিশ সমূহৰ পৰ্যবেক্ষণ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা সহ কাছাৰ জিলা উপায়ুক্ত ৷ কিন্তু প্ৰশাসনকো কেৰেপ নকৰি বিষয়া সকলৰ সন্মুখত হাতত বন্দুক লৈ ঠিয় দিয়ে শ শ মিজো যুৱক-যুৱতীয়ে ৷

অসম-মিজোৰাম সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা

উল্লেখ্য যে, শুকুৰবাৰে নিশা প্ৰায় 2 বজাত কাছাৰ জিলাৰ ধলাইৰ অসম-মিজোৰাম সীমান্তৰ আপাৰ পেইনম প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই বিস্ফোৰণ ৷ বিস্ফোৰণৰ ফলত বিদ্যালয়খনৰ যথেষ্ট ক্ষতিসাধন হয় ৷ উক্ত ঘটনাৰ পিছতে বিদ্যালয়খন ঘেৰাও কৰে মিজো আই আৰ বেটালিয়ান বাহিনীয়ে ৷

অসম-মিজোৰাম সীমান্তত কাছাৰ জিলা উপায়ুক্ত

অতি আশ্চৰ্যকৰ বিষয় এইয়ে যে, উক্ত অঞ্চলত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে সীমান্তত টহল দি থকা স্বত্বেও মিজো দুষ্কৃতিকাৰীয়ে বোমা বিস্ফোৰণ ঘটাবলৈ সক্ষম হয় বিদ্যালয়খনত ৷ উক্ত ঘটনাৰ খবৰ লাভৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী চৌহদত উপস্থিত হয় যদিও মিজো আৰক্ষীয়ে শিক্ষকগৰাকীক ঘটনাস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰে ৷

মিজো লোকৰ হাতত সুলভ মাৰাণাস্ত্ৰ

লগতে পঢ়কঃতুলসীবিলৰ আত্মহত্যাৰ বাসগৃহত উপস্থিত দুই কংগ্ৰেছ বিধায়ক

Last Updated : Nov 8, 2020, 11:51 AM IST

ABOUT THE AUTHOR

...view details