অসম

assam

ETV Bharat / state

অসমৰ সীমাত থকা বনাঞ্চলত বেদখল মিজোৰ - এম জি এনৰেগা আঁচনি

লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল, আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল । তাৰোপৰি এম জি এনৰেগা আঁচনিৰ এখন ছাইনব'ৰ্ড অসমৰ মাটিত লগাই দিছিল মিজোৱে । যোৱা শুকুৰবাৰে কৰিমগঞ্জ প্ৰশাসনৰ লগত বনবিভাগৰ বিশাল এটা বাহিনীয়ে অসম মিজোৰাম সীমান্তত উপস্থিত হৈ জুম খেতি নষ্ট কৰাৰ লগতে মিজো লোকে নিৰ্মাণ কৰা ঘৰ ধ্বংস কৰি দিছিল ।

MIZO AGGRESSION
MIZO AGGRESSION

By

Published : Oct 14, 2020, 9:28 AM IST

কৰিমগঞ্জ, 14 অক্টোবৰ : মিজোৰ কৱলত থকা অসমৰ মাটি কৰিমগঞ্জ প্ৰশাসনে বেদখলমুক্ত কৰাৰ পিছতেই এইবাৰ সক্ৰিয় হৈছে মিজো প্ৰশাসন । উচ্ছেদ কৰা মাটিৰ ওপৰত এইবাৰ মিজো সকলে অস্থায়ী কেম্প নিৰ্মাণ কৰাৰ সমান্তৰালকৈ চলাই গৈছে ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া । ৰাতাবাৰী সমষ্টিৰ ৰংপুৰ এলেকাত থকা বৰভুবি অঞ্চলত সংৰক্ষিত বনাঞ্চলত চকু দিছে মিজোৰামৰ লোকে । প্ৰাপ্ত তথ্য মতে, পূৰ্বতকৈ অধিক অসমৰ মাটি দখল কৰিছে সীমামূৰীয়া অঞ্চলটোত । কিন্তু তথাপিতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে চৰকাৰৰ বিৰুদ্ধে ৷ যোৱা শুকুৰবাৰে মিজোৰ দখলত থকা অসমৰ মাটি কৰিমগঞ্জ প্ৰশাসনে বেদখলমুক্ত কৰাৰ পিচদিনাৰ পৰাই মিজোৰাম প্ৰশাসনৰ সহযোগত পুনৰ আৰম্ভ হৈছে অসমৰ মাটিত মিজোৰ আগ্ৰাসন ।

লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল, আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল । তাৰোপৰি এম জি এনৰেগা আঁচনিৰ এখন ছাইনব'ৰ্ড অসমৰ মাটিত লগাই দিছিল মিজোৱে । যোৱা শুকুৰবাৰে কৰিমগঞ্জ প্ৰশাসনৰ লগত বনবিভাগৰ বিশাল এটা বাহিনীয়ে অসম মিজোৰাম সীমান্তত উপস্থিত হৈ জুম খেতি নষ্ট কৰাৰ লগতে মিজো লোকে নিৰ্মাণ কৰা ঘৰ ধ্বংস কৰি দিছিল ।

অসমৰ সীমামূৰীয়া বনাঞ্চলত চকু মিজোৰ

এই ঘটনাৰ পিছৰে পৰা সীমান্ত এলেকাত বসবাস কৰা লোক সকলে সন্তোষ প্ৰকাশ কৰিছিল যদিও পিচদিনাৰ পৰাই সম্পূৰ্ণ চিত্ৰ সলনি হ’বলৈ ধৰিলে । মিজোৰাম প্ৰশাসনৰ সহযোগত ছাত্ৰ সংগঠন MZP, YOUNG MIZO, MIZO NATIINAL YOUTH FRONT আদি সংগঠনে অসমৰ মাটিত পুনৰ বেদখল আৰম্ভ কৰে । মিজো সংগঠন কেইটাই পূৰ্বতকৈ অধিক শক্তি এইবাৰ প্ৰয়োগ কৰিছে । অসমৰ সংৰক্ষিত বনাঞ্চলত যুদ্ধ কালীন তৎপৰতাৰে আই আৰ বেটেলিয়ানৰ অস্থায়ী কেম্প নিৰ্মাণৰ সমান্তৰালকৈ ঘৰ নিৰ্মাণৰ কাম চলাইছে ।

মিজোৰামৰ আগ্ৰাসনৰ ভয়ত এতিয়া সীমান্তত বসবাস কৰা জনজাতীয় লোক সকলে সেই স্থান সমূহলৈ যোৱাৰ সাহস গোটাব পৰা নাই । যথেষ্ট দুৰ্গম এই অঞ্চলত শুকুৰবাৰে কৰিমগঞ্জ প্ৰশাসন মটৰ চাইকেল লৈ যাব লগা হৈছিল । আনকি বৰষুণ এজাক দিলে এই সমুহ অঞ্চলত মটৰ চাইকেল লৈ প্ৰবেশ কৰাও অসম্ভৱ হৈ পৰে । এই সুযোগ লৈ মিজোৰামে আগ্ৰাসন চলাবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, চৰকাৰী উদাসীনতাৰ বাবে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত সীমান্ত এলেকা উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে । স্বাধীনতাৰ সাতটা দশক অতিক্ৰম হোৱাৰ পিছতো সীমান্ত এলেকাত বসবাস কৰা জনজাতীয় লোক সকলে আদিম যুগৰ দৰে বসবাস কৰিব লগীয়া হৈছে । পকী পথ, খোৱা পানী, হাস্পতাল আনকি চৰকাৰী বিদ্যালয়ৰ পৰা বঞ্চিত লোক সকলে বহুলাংশে মিজোৰামৰ ওপৰত নিৰ্ভৰশীল ।

বৰভুবি অঞ্চলত সংৰক্ষিত বনাঞ্চলত চকু দিছে মিজোৰামৰ লোকে

কিয়নো মিজোৰাম চৰকাৰে অসম সীমান্ত লৈকে পকী পথ নিৰ্মাণ কৰিছে অথচ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ ৰংপুৰ এলেকাৰ পৰা সীমান্ত পৰ্যন্ত যাব লগা হ'লে খোজকাঢ়ি কেবা কিলোমিটাৰ অতিক্ৰম কৰিব লাগে । ইয়াৰেই সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মিজো লোকে । যিহেতু কৰিমগঞ্জ প্ৰশাসনে অসমৰ মাটি বেদখলমুক্ত কৰাৰ পিচতেই অধিক আগ্ৰাসন দেখুৱাইছে মিজো সংগঠন কেইটাই, সেয়ে এইবাৰ অসম চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক :লাডাখৰ সূচিলত ভাৰত-চীনৰ কামণ্ডাৰ পৰ্যায়ৰ সপ্তমলানি বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details