কৰিমগঞ্জ, 18 এপ্ৰিল :মাটি-বাৰীৰ সৈতে জড়িত কাম-কাজসমূহ সফলতাৰে তথা ৰাইজে কষ্ট নোপোৱাকৈ সম্পন্ন কৰাৰ বাবে বিগত বৰ্ষৰ 2 অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিছিল এটা প’ৰ্টেল ৷ যাৰ নাম বসুন্ধৰা ৷ এই প’ৰ্টেল মুকলিৰ উদ্দেশ্য অকল মাটি-বাৰী সম্পৰ্কীয় কাম-কাজ সম্পন্ন কৰাটোৱেই নহয়, বৰং দালালৰ দপদপনি হ্ৰাস কৰাটোও ইয়াৰ অন্যতম উদ্দেশ্য ৷
কিন্তু ইয়াৰ পিছতো যেন দালালৰ দপদপনি হ্ৰাস পোৱা নাই কৰিমগঞ্জত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপৰ পিছতো কেৰেপ কৰা নাই একাংশ দালাল তথা মহৰীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে জিলাখনৰ একাংশ স্থানীয় লোকে ৷ বৰং একাংশ মহৰীয়ে বিভাগীয় কৰ্মচাৰীৰ সৈতে মিলি বসুন্ধৰা প’ৰ্টেলৰ অপব্যৱহাৰ কৰি(Mission Basundhara scheme turns flop show) আৰম্ভ কৰিছে দালালি ৷
জানিব পৰা মতে, জিলাখনৰ বদৰপুৰ এলেকাৰ নিজামুদ্দিন নামৰ এজন ব্যক্তিৰ পৰিয়ালে বিগত ১৯৮৫ চনত লামাজুয়া অঞ্চলত ক্ৰয় কৰিছিল কিছু মাটি ৷ কিন্তু সেই সময়ত ব্যক্তিজনৰ পৰিয়ালে মাটিখিনিৰ পঞ্জীয়ন কৰিছিল যদিও বিভিন্ন কাৰণত দীৰ্ঘদিনে কৰিব পৰা নাছিল নামজাৰিৰ পঞ্জীয়ন ৷
বৰ্তমান উক্ত লোকজনে মাটিখিনিৰ নামজাৰিৰ পঞ্জীয়ন কৰিবলৈ গৈ পৰিছে বিমোৰত ৷ কিয়নো কাৰ্যালয়টোত কৰ্মৰত ফজল উদ্দিন নামৰ এগৰাকী মহৰীয়ে নিজামুদ্দিনৰ নামত থকা মাটিখিনি বাস্তৱত কোনো অস্তিত্ব নথকা ভুৰু নাথ নামৰ এগৰাকী ব্যক্তিৰ নামত পূৰ্বতেই জালিয়াতিৰে নামজাৰিৰ পঞ্জীয়ন সম্পন্ন কৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে মাটিখিনিৰ প্ৰকৃত গৰাকীয়ে ৷