অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীয়াগুলি

কৰিমগঞ্জৰ ভাৰত বাংলা-সীমান্তৰ সোনাতুলা অঞ্চলত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । গৰু সৰবৰাহকাৰী চক্ৰলৈ আৰক্ষীৰ গুলীচালনা । আন্ধাৰৰ সুযোগ লৈ সৰবৰাহকাৰী দলটো পলাই যাবলৈ সক্ষম হয় যদিও ঘটনাস্থলীৰ পৰা চাৰিটা ম'হ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

By

Published : May 30, 2021, 8:41 PM IST

mission against cattle suppliers
কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত গুলিয়াগুলী

কৰিমগঞ্জ,৩০ মে': নিষিদ্ধ ড্ৰাগছৰ সমান্তৰালকৈ গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধেও সষ্টম হৈছে অসম আৰক্ষী । এইবাৰ গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান কৰিমগঞ্জ আৰক্ষীৰ । অভিযানৰ সময়ত গৰুৰ চোৰাং সৰবৰাহকাৰী আৰু আৰক্ষীৰ তীব্ৰ সংঘাত । গৰু চুৰি চক্ৰলৈ আৰক্ষীৰ গুলীচালনা ।

কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্তৰ সোনাতুলা অঞ্চলত সংঘটিত হয় এই ঘটনা । উল্লেখ্য যে বাংলাদেশলৈ গৰু সৰবৰাহৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । আৰক্ষীৰ উপস্থিতিৰ উমান পাই আৰক্ষীৰে সংঘাতত লিপ্ত হয় গৰুৰ চোৰাং সৰবৰাহকাৰীৰ দল ।

আন্ধাৰৰ সুযোগ লৈ সৰবৰাহকাৰী দলটো পলাই যাবলৈ সক্ষম হয় যদিও ঘটনাস্থলীৰ পৰা চাৰিটা ম'হ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । জানিব পৰা মতে, সীমান্ত অঞ্চলত আৰক্ষীয়ে এতিয়াও অব্যাহত ৰাখিছে অভিযান ।

লগতে পঢ়ক:শিৱসাগৰত উপস্থিত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ABOUT THE AUTHOR

...view details