কৰিমগঞ্জ,11 নৱেম্বৰ : হাৰিয়ানাত উদ্ধাৰ ত্ৰিপুৰাৰ এগৰাকী বিবাহিত মহিলা ৷ ত্ৰিপুৰাৰ মহিলাগৰাকীক এক লাখ টকাৰ বিনিময়ত হাৰিয়ানাত বিক্ৰী কৰিছিল গুৱাহাটীৰ আশ্ৰৱ আলী নামৰ এজন যুৱকে ৷ ঘটনা অনুসৰি ত্ৰিপুৰাৰ কুমাৰঘাট অঞ্চলৰ বিবাহিত মহিলাগৰাকীক গুৱাহাটীৰ আশ্ৰব আলী নামৰ যুৱকজনে মিছা প্ৰেমৰ চলনাৰে বিবাহৰ প্ৰতিশ্ৰুতি দি এক লাখ টকাৰ বিনিময়ত হাৰিয়ানাৰ সুখবিন্দৰ বিল নামৰ এগৰাকী ব্যক্তিৰ ওচৰত বিক্ৰী কৰিছিল। ঘটনা সন্দৰ্ভত উক্ত মহিলাগৰাকীৰ স্বামীয়ে এটা গোচৰ ৰুজু কৰে ৷ উক্ত গোচৰৰ ভিত্তিতে হাৰিয়ানাৰ পৰা বিবাহিত মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ত্ৰিপুৰা আৰক্ষী। এই ঘটনাৰ মূল অভিযুক্ত আশ্ৰব আলীক বৰ্তমানেও আটক কৰিবলৈ আৰক্ষীয়ে সক্ষম হোৱা নাই যদিও ইতিমধ্যে হাৰিয়ানাৰ পৰা সুখবিন্দৰ বিলক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান আশ্ৰৱ আলীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
হাৰিয়ানাত উদ্ধাৰ ত্ৰিপুৰাৰ বিবাহিত মহিলা - ত্ৰিপুৰাৰ বিবাহিত মহিলা হাৰিয়ানাত উদ্ধাৰ
ত্ৰিপুৰাৰ আৰক্ষীৰ দ্বাৰা উদ্ধাৰ হাৰিয়ানাত বিক্ৰীত এগৰাকী ত্ৰিপুৰাৰ বিবাহিত মহিলা ৷
![হাৰিয়ানাত উদ্ধাৰ ত্ৰিপুৰাৰ বিবাহিত মহিলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5024641-thumbnail-3x2-tripura.jpg)
হাৰিয়ানাত উদ্ধাৰ ত্ৰিপুৰাৰ বিবাহিত মহিলা