অসম

assam

ETV Bharat / state

আজিলৈ উন্নয়নৰ মুখ নেদেখা কৰিমগঞ্জৰ এখন গাঁও

আজি পৰ্যন্ত উন্নয়নৰ মুখ দেখা নাই কৰিমগঞ্জ জিলাৰ ধলছড়াৰ উজান গাঁৱৰ একাংশ দৰিদ্ৰ লোকে ৷ এতিয়ালৈ পোৱা নাই চৰকাৰ প্ৰদত্ত কোনো আঁচনিৰ ভাগ ৷

By

Published : May 8, 2020, 7:37 PM IST

VILLAGE in karimganj
VILLAGE in karimganj

কৰিমগঞ্জ, 8 মে':কৰিমগঞ্জ জিলাৰ ধলছড়াৰ উজান গাঁৱৰ লোকসকলৰ অধিকাংশৰ ঘৰত আজি পৰ্যন্ত নাই বিজুলীবাতি, খোৱাপানী আৰু যাতায়াতৰ ব্যৱস্থা ৷ আনকি কৰ'ণা মহামাৰীৰ এনে সময়চোৱাত চৰকাৰ প্ৰদত্ত আঁচনিৰ কোনো সুবিধাও পোৱা নাই গাঁওবাসীয়ে ৷

বাট পথো তেনেই জৰাজীৰ্ণ

গাঁওখনৰ অধিকাংশ দৰিদ্ৰ লোকে আজি পৰ্যন্ত পোৱা নাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ ৷ গাঁওখনত কেইটামান বিদ্যুতৰ খুটা আছে যদিও, অধিকাংশৰ ঘৰত নাই বিদ্যুৎ সংযোগ ৷ পথাৰত থকা গাঁতৰ পৰা দৰিদ্ৰ লোকসকলে সংগ্ৰহ কৰে খোৱাপানী ৷

পথাৰত থকা গাতৰ পৰা দৰিদ্ৰ লোকসকলে সংগ্ৰহ কৰে খোৱাপানী

উল্লেখ্য যে, এইখন গাঁৱৰে ভোটাৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ তথাপিও কংগ্ৰেছৰ শাসনকালত তিনিবাৰকৈ বিধায়ক, এবাৰ সাংসদীয় সচিব আৰু এবাৰ মন্ত্ৰী হোৱাৰ পিচতো এই গাঁওখন বঞ্চিত হৈ থাকিল উন্নয়নৰ পৰা ৷ অভিযোগ অনুসৰি বৰ্তমানৰ বিধায়ক আজিজ আহমেদেও এই গাঁওখনৰ প্ৰতি ৰাখিছে অৱহেলাৰ দৃষ্টি ৷

আজিলৈ উন্নয়নৰ মুখ নেদেখা কৰিমগঞ্জৰ এখন গাঁও

লগতে পঢ়কঃদুই বিশেষভাৱে সক্ষম জীয়ৰীৰ সৈতে 90 উৰ্দ্ধৰ আইতাৰ দুৰ্বিসহ জীৱন কাহিনী

ABOUT THE AUTHOR

...view details