কৰিমগঞ্জ , ১৩ মাৰ্চ :কৰিমগঞ্জত নৈৰ বুকু খনন কৰি একাংশ লোকে চোৰাংকৈ অব্যাহত ৰাখিছে বালিৰ বেহা ।একাংশ বন বিষয়াৰ সৈতে মিতিৰালি কৰি এটা দুষ্ট চক্ৰই এই মহল চলাই ৰখাৰ অভিযোগ উঠিছে ।
বালিৰ অবৈধ বেহা
লঙ্গাই আৰু শিঙলা নৈৰ বুকু খনন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে বালিৰ অবৈধ বেহা । ইপিনে ৰাইজৰ অভিযোগৰ ভিত্তিত বিজেপি নেত্ৰী শিপ্ৰা গুণয়ে বালিৰ বেহা কৰা স্থান সমূহ পৰিদৰ্শন কৰে ।