কৰিমগঞ্জ, 8 নৱেম্বৰ :কৰিমগঞ্জৰ ৰাতাবাৰী কেন্দ্ৰত শতিকা পুৰণি শিৱ আৰু নাৰায়ণৰ মন্দিৰ জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে । ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে দুল্লভছড়াৰ দামছড়া জনজাতি গাঁৱত । জিলা দণ্ডাধীশ আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক উপস্থিত হয় ঘটনাস্থলীত । মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী ।
ৰাতাবাৰী কেন্দ্ৰৰ দুল্লভছড়া গাঁও পঞ্চায়তৰ দামছড়া পুঞ্জীত ১৮০০ শতিকাৰ প্ৰাচীন মন্দিৰটো নিশাৰ আন্ধাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে । ১৮০০ চনত প্ৰয়াত দেৱী ৰাম বৰ্মনে আদিবাসী গাঁওখনত এটা মন্দিৰ প্ৰতিষ্ঠা কৰে । সেই মন্দিৰৰ দুটা কোঠাত শিৱ পাৰ্বতী আৰু লক্ষ্মী নাৰায়ণৰ মূৰ্তি স্থাপন কৰা হৈছিল । প্ৰাচীন মন্দিৰত জনজাতীয় লোকসকলে শ শ বছৰ ধৰি উপাসনা কৰি আহিছে । সোমবাৰে নিশা দুষ্কৃতিকাৰীয়ে মন্দিৰত জুই লগাই দিয়ে । মন্দিৰত থকা শিৱ পাৰ্বতী আৰু লক্ষ্মী নাৰায়ণৰ শতিকা পুৰণি মূৰ্তি জ্বলি ক’লা হৈ যায় ৷ তাৰ লগতে মন্দিৰত থকা বহু সংখ্যক সৰীসৃপৰ জুইত জ্বলি মৃত্যু হৈছে ৷
স্থানীয় লোকে মঙলবাৰে পুৱা তালৈ গৈ মন্দিৰ আৰু মন্দিৰৰ ভিতৰৰ মূৰ্তিবোৰ জ্বলি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে । স্থানীয় লোকে জনোৱা মতে, মন্দিৰৰ সমীপত তিনিটা সৰু সৰু প্লাষ্টিকৰ গেলন পোৱা গৈছে । সেই গেলনৰ পৰা পেট্ৰলৰ গোন্ধ পাই তেওঁলোকে । জনজাতীয় হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত দিবলৈ দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে মন্দিৰত জুই লগাইছে বুলি তেওঁলোক নিশ্চিত । স্থানীয় লোকসকল ক্ৰোধত ক’ব নোৱাৰা হৈ পৰে । মন্দিৰৰ মূৰ্তি জ্বলাই দিয়াৰ ফলত মন্দিৰ চৌহদত উপস্থিত হৈ সকলোৰে চকুলো উপচি পৰে ৷