কৰিমগঞ্জ, 26 ডিচেম্বৰ :ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ এইবাৰ আক্ৰমণৰ বলি হৈছে খোদ অসম আৰক্ষীৰ এগৰাকী বিষয়া (Police officer attacked during anti drug mission) ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ নিলাম বজাৰ অঞ্চলত ৷ উল্লেখযোগ্য যে, ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান(Anti drugs mission of Assam police)ৰ সময়চোৱাত সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে অসম-বাংলাদেশ সীমান্তৱৰ্তী কৰিমগঞ্জ জিলাতো আৰক্ষীয়ে চলাই আছে ধাৰাবাহিক অভিযান ৷
এনে সময়তে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকা নিলামবজাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এদল দুষ্কৃতিকাৰীয়ে (Miscreants attacked Police officer in Karimganj)। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে শূন্যলৈ গুলী চালনা কৰে । পৰৱৰ্তী সময়ত ইয়াৰে এটা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী বাহিনী ৷ কিন্তু, একে সময়তে এই ঘটনাৰ সৈতে জড়িত আন সকল পলাই সাৰিবলৈ হৈছে বুলি জানিব পৰা গৈছে ।