কৰিমগঞ্জ, 15 ডিচেম্বৰ:ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সোমবাৰে কৰিমগঞ্জৰ নিলামবজাৰত চোৰে এঘৰ লোকৰ ঘৰত চাফাই অভিযান চলাই নগদ ধন সহ সোণৰ আ- অলংকাৰ লুটি নিয়ে ৷ সোমবাৰে সন্ধ্যা এই ঘটনা সংঘটিত হয় ৷ ঘৰত কোনো নথকাৰ সুযোগতেই চোৰে এই কাণ্ড সংঘটিত কৰে ৷
ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱা নিলামবাজাৰ আৰক্ষী থানাৰ অধীন ইশ্বৰশ্ৰী গাঁৱৰ পাপলু নাথ নামৰ লোকজনৰ ঘৰৰ সকলো সদস্য এক নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে ঘৰৰ পৰা উলাই গৈছিল ৷ গৃহস্থ ঘৰত নথকাৰ এই সোণালী সুযোগ গ্ৰহণ কৰি চোৰে দৰ্জা ভাঙি ঘৰত প্ৰৱেশ কৰে আৰু ঘৰৰ ভিতৰত থকা দুটা গডৰেজ ভাঙি সোণৰ অলংকাৰৰ লগতে লগদ ধন লৈ উধাও হয় ৷