অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী: গোচৰ ৰুজু - MINORITY SCHOLARSHIP SCAM.

সমিতিৰ সদস্যসকলে স্থানীয় গুনময়ী হাইস্কুলত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি বিদ্যালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

MINORITY SCHOLARSHIP SCAM.
কৰিমগঞ্জত ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী: গোচৰ ৰুজু

By

Published : Jun 29, 2020, 10:30 AM IST

কৰিমগঞ্জ, 29 জুন : কৰিমগঞ্জত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী । কৰিমগঞ্জৰ গুনময়ী হাইস্কুলত সংখ্যালঘু বৃত্তিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি কৰিমগঞ্জ নিলামবাজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

কৰিমগঞ্জত ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী: গোচৰ ৰুজু

সমিতিৰ সদস্যসকলে স্থানীয় গুনময়ী হাইস্কুলত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি বিদ্যালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ শিক্ষানুষ্ঠানখনে ভুৱা ছাত্ৰ ছাত্ৰী দেখুৱাই সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত লাখ লাখ টকা লুন্ঠন চলোৱাৰ অভিযোগ কৰে সমিতিয়ে ৷ সমিতিয়ে পূৰ্বেও গোচৰ ৰুজু কৰিছিল যদি তদন্ত কোনো প্ৰতিবেদন নোপোৱাৰ অভিযোগ কৰে । কৃষক মুক্তিৰ সদস্যসকলে শীঘ্ৰে ঘটনাৰ উচিত তদন্ত নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : গুৱাহাটী মহানগৰীত লক ডাউনৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details