কৰিমগঞ্জ, 19 জুনঃ অভিযোগ অনুসৰি হাইলাকান্দিৰ পিচত এইবাৰ কৰিমগঞ্জত পোহৰলৈ আহিছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰী ৷ এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ যাৰ ফলত সংগঠনটোৱে কৰিমগঞ্জ সদৰ আৰক্ষী আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে ৷
কৰিমগঞ্জত সংখ্যালঘু ছাত্ৰ বৃত্তিত অনিয়মৰ অভিযোগ - সংখ্যালঘু ছাত্ৰ বৃত্তি
কৰিমগঞ্জত ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ লগতে হিন্দু ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীৰ নাম সংখ্যালঘু ছাত্ৰ বৃত্তিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে ৷
minority scholarship sacm in karimganj
ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ লগতে হিন্দু ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সদস্যই ৷ ইতিমধ্যেই ভুৱা নাম সন্নিবিষ্ট লোকে হাইলাকান্দিৰ বিভিন্ন বেংকৰ গ্ৰহণ সেৱা কেন্দ্ৰৰ পৰা টকা উলিয়াই নিয়াৰো অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়কঃমণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া