কৰিমগঞ্জ,28 ফেব্ৰুৱাৰী: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সংঘটিত হৈছে এটা জঘন্য ঘটনা । দুৰ্বৃত্তৰ কামনাৰ বলি ছবছৰীয়া নাবালিকা ৷ ত্ৰিপুৰাৰ তেলিয়ামুৰা থানাৰ অন্তৰ্গত ঈশান চন্দ্ৰ পাৰাত সংঘটিত হৈছে এই নাৰকীয় ঘটনাটো ৷ দুৰ্বত্তই ধৰ্ষণ কৰি হত্যা কৰিলে ছবছৰীয়া নাবালিকা গৰাকীক ৷ পাঁচ দিনৰ পাচত চিপ লৈ থকা অৱস্থাত ঘন জংঘলত উদ্ধাৰ মৃতদেহ ৷ হত্যাকাৰীয়ে ধৰ্ষণ কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল যদিও অভিজিত ত্ৰিপুৰা নামৰ যুৱক জনক আটক কৰে তেলিয়ামুৰা আৰক্ষীয়ে ৷
ঘটনা অনুসৰি, সোমবাৰে নিশা পিতৃ-মাতৃৰ সৈতে এখন বিবাহ অনুষ্ঠানলৈ গৈছিল নাবালিকা গৰাকী ৷ বিবাহ ঘৰৰ পৰা হঠাতে নিখোজ হৈ পৰে নাবালিকা গৰাকী ৷ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও নিজ কন্যাক বিচাৰি নোপোৱাত তেলিয়ামুৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ গোচৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে মৃত অৱস্থাত কণমানিটিক উদ্ধাৰ কৰে আৰু নাৰকীয় ঘটনাৰ লগত জড়িত থকা যুৱকজনক আটক কৰে ৷