কদতমতলাত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত
আৰক্ষীয়ে এতিয়াও আটক কৰা নাই ধৰ্ষণকাৰী কেইটাক ৷ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে দায়িত্বহীনতাৰ অভিযোগ
কৰিমগঞ্জ 6 মেঃ আজিও ন্যায়ৰ অপেক্ষাত এগৰাকী নাবালিকা ৷ ন্যায় বিচাৰি প্ৰতিদিনেই আৰক্ষী থানালৈ গৈছে নিৰ্যাতিতা নাবালিকাৰ পৰিয়াল ৷ আৰক্ষী বিৰুদ্ধে উত্থাপন হৈছে দায়িত্বহীনতাৰ অভিযোগ ৷ ঘটনাৰ স্থান অসম ত্ৰিপুৰাৰ সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ ৷ উল্লেখ্য যে কদমতলা অঞ্চলৰ ছানম উদ্দিন নামৰ এগৰাকী লোকে নাবালিকাক প্ৰেমৰ জালত পেলাই বিয়া পতাৰ উদ্দেশ্যৰে ঘৰৰ পৰা পলুৱাই লৈ গৈছিল যোৱা 2 এপ্ৰিল তাৰিখে ৷ কিন্তু ছানম উদ্দিনৰ পূৰ্বৰে পৰা আছিল দুগৰাকী পত্নী ৷ পিচত নাবালিকা গৰাকীয়ে প্ৰেমত প্ৰতাৰিত হোৱা বুলি গম পাই ঘৰলৈ উভতি যাবলৈ বিচাৰত অভিযুক্ত ছানম উদ্দিনে বেলেগ এটা ঘৰত নাবালিকা গৰাকীক আৱদ্ধ কৰি ৰাখি প্ৰায় 3/4 দিন ধৰি আন তিনি বন্ধুৰ সৈতে মিলি ধৰ্ষণ কৰে। অৱশেষত নাবালিকা গৰাকীয়ে সুযোগ বুজি পলাই যাবলৈ সক্ষম হয় ৷ এই সকলো ঘটনা গম পাই পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ৰহস্যজনকভাৱে ধৰ্ষণকাৰী দলটোক আটক কৰা নাই ৷