কৰিমগঞ্জ, 30 জুন :কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে জিলাখনত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা(Jayant Malla Baruah visited flood affected area of Karimganj) ৷ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আৰু দক্ষতা বিভাগৰ মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয়(Jayant Malla Baruah Chaired a review meeting at DC Office of Karimganj) । ইয়াৰ পাছত তেওঁ কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লয়(Flood affected area of Karimganj) |
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনায়, জিলাৰ বর্তমান বান পৰিস্থিতিত চৰকাৰ ক্ষয়ক্ষতি সন্দৰ্ভত অৱগত ৷ কৰিমগঞ্জত মুঠ ৫৩৫ খন গাঁও বানাক্ৰান্ত হৈছে ৷ কৰিমগঞ্জত বানাক্ৰান্তৰ বাবে সাহাৰ্য সামগ্ৰী যোগান ধৰা হৈছে যদিও পশু খাদ্যৰ কিছু অভাৱ আছে ৷ চৰকাৰে ইতিমধ্যে গুৱাহাটীৰ পৰা পশু খাদ্য অনাৰ ব্যৱস্থা কৰিছে আৰু শীঘ্ৰে জিলাখনত পশু খাদ্য যোগান ধৰা হ’ব ৷
![in article image in article image](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15695292_jayanta.jpg)